/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c35d3c09-e70c-4084-8273-ecd1e198209a/pun.jpg)
ডিজিটেল সংবাদ, মৰিয়নিঃ দেশ-বিদেশে অসমৰ চাহৰ এক সুকীয়া পৰিচয় আছে।বিশেষকৈ অসমৰ জৈৱিক চাহৰ সমাদৰ ব্যাপক ভাৱে বিদেশত বৃদ্ধি পাবলৈ ধৰিছে। চাহৰ দেশ অসমত নব্য চিন্তা-ধাৰায়ে গঢ় লোৱা চাহ পৰ্যটনেও লাহে লাহে ঠন ধৰি উঠিছে। নৱবৰ্ষৰ প্ৰাকক্ষণত যোৰহাটৰ এগৰাকী বিশিষ্ট জৈৱিক চাহ খেতিয়ক তথা উদ্যমী যুৱক অচ্যুত প্ৰসাদ গগৈ(কাজু)য়ে গ্ৰামাঞ্চলত চাহ পৰ্যটন গঢ় দিয়াৰ সমান্তৰালকৈ স্থানীয় লোকৰ মাজত অচিনাকি চাহ কেইবিধ চিনাকী কৰি দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে যোৰহাট জিলাৰ চেলেংহাট নামচেচুৰ নিবাসী অচ্যুত প্ৰসাদ গগৈয়ে ২০১৩ চনৰ পৰা জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি আহিছে।শেহতীয়া ভাৱে তেওঁ চেলেংহাটৰ নামচেচুৰ চাহ উৎপাদন স্থলীতে পুনজয় অৰ্গেনিক হেণ্ড মেড টি বুটিকৰ "চাহ ঘৰ" নামেৰে এখন বিপনী আৰম্ভণ কৰিছে।য'ত তেওঁৰ দ্বাৰা উৎপাদিত ছবিধ চাহৰ সোৱাদ লোৱা লগতে চাহ ক্ৰয়ৰ সুবিধা আছে।
নুন্যতম মূল্যত গ্ৰাহকে সোৱাদ ল'ব পাৰিব ব্লেক টি, গ্ৰীণ টি, অৰ্থডক্স টি, অলং টি, মছলা টি, হোৱাইট টিৰ। চাহ ঘৰৰ সমান্তৰালকৈ বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক গৰাকীয়ে এখন পুনজয় অৰ্গেনিক টি পাৰ্কও গঢ় দিছে।যাৰ যোগেদি অচ্যুত প্ৰসাদ গগৈয়ে মৰিয়নীৰ চেলেংহাট নামচেচুক চাহ পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ এক প্ৰয়াস কৰিছে।ইতিমধ্যে "চাহ ঘৰ" ত চাহৰ সোৱাদ লৈ প্ৰশংসা কৰি গৈছে চিকিমৰ পৰা অহা এহাল পৰ্যটক দম্পতীয়ে।