এন আৰ এলৰ বায়' ৰিফাইনেৰী চৌহদত দিন- দুপৰতে মটৰ চাইকেল চুৰি

প্ৰতিনিত্বমূলক ফটো
প্ৰতিনিত্বমূলক ফটো

ডিজিটেল সংবাদ, নুমলীগড় : এন আৰ এলৰ বায়' ৰিফাইনেৰী চৌহদত দিন-দুপৰতে মটৰ চাইকেল চুৰি। নুমলীগড় আৰক্ষী চকীৰ অধীনস্থ এন আৰ এলৰ অসম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড প্ৰকল্প চৌহদৰ পৰা মঙলবাৰে দিন-দুপৰতে এখন মটৰ চাইকেল চুৰি হোৱা ঘটনাই ৰাইজৰ চকু কপালত তুলিছে।

জানিব পৰা মতে, নিৰ্মীয়মান অসম বায়' ৰিফাইনেৰী প্ৰকল্পত নিয়োজিত আৰ ই চি চি নামৰ প্ৰতিষ্ঠানত কৰ্মৰত বোকাখাতৰ নিবাসী অংকুৰ নাথ নামৰ যুৱকজনে প্ৰত্যেক দিনাৰ দৰেই আজিও বায়' ৰিফাইনেৰী চৌহদতে তেওঁৰ এ এছ-০৩জেড-৭২০৭ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল পাৰ্কিং কৰি নিজা কৰ্মস্থলীলৈ যায়। কিন্তু, আবেলি কামৰ পৰা ওলাই আহি তেওঁ দেখে যে মটৰ চাইকেলখন থোৱা স্থানত নাই।

ইয়াৰ পিচতে তেওঁ নুমলীগড় আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়ে যুৱকজনৰ মোবাইল নম্বৰ আৰু মটৰ চাইকেলখনৰ নম্বৰ লৈয়ে দায়িত্ব সামৰিলে বুলি উল্লেখ কৰে ভুক্তভোগীয়ে। উপায়ন্তৰ যুৱকজনে লগে লগে বায়' ৰিফাইনেৰী কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো অৱগত কৰে আৰু চি চি টিভি ফুটেজৰ বাবে অনুৰোধ জনায়।

অৱশ্যে বৰ্তমানলৈকে চি চি টিভি ফুটেজ লাভ কৰা নাই বুলি ভুক্তভোগী যুৱকজনে প্ৰকাশ কৰিছে। ইপিনে, নুমলীগড় আৰক্ষী চকীৰ নিচেই নিলগৰ অসম বায়' ৰিফাইনেৰী চৌহদৰ পৰা দিন-দুপৰতে মটৰ চাইকেল চোৰ কৰিবলৈ সাহস কৰা ঘটনাই নুমলীগড় আৰক্ষীৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া বুলি চৌদিশে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in