/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c8924c9e-4962-4e00-9259-a5b0c2aa1e6a/ap_for_web_copy.jpg)
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে পুৱাতে দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৱৰীপাৰাৰ জনসেৱা নামৰ স্থানত উপস্থিত হৈ নিশা ননৈ নদীৰ সোঁদিশে নদীৰ বাঢ়নী পানীত বিছিন্ন হৈ পৰা মথাউৰিৰ অৱস্থা বুজ লয়। উক্ত স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত লোকসকলৰো খবৰ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2df8644c-e10b-4f37-8124-debcceeed166/71ceef2b_a4ee_45e0_8ef6_a865074e47ba.jpg)
নিশা নদীৰ বাঢ়নী পানীয়ে মথাউৰি তথা পকীপথটো বিছিন্ন কৰি ছিপাঝাৰ সমষ্টিৰ প্ৰায় ২৫ খন গাঁও প্লাবিত কৰে। মথাউৰি ছিঙাৰ খবৰ লাভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাতিৰে পৰা বিভাগীয় মুখ্য অভিযন্তা আৰু জিলা প্ৰশাসকৰ লগত যোগাযোগ ৰাখি পুৱাতে মথাউৰি বিছিন্ন হোৱা অংশত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/836cea54-d347-4911-ba24-af9ec2479d2d/2f2447ca_1cf4_45e7_abe0_09ee40387ae7.jpg)
বিভাগীয় মুখ্য অভিযন্তাক বুধবাৰৰ পৰাই টিউবৰ ব্যৱহাৰ কৰি মথাউৰিটোৰ চিগা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী হাজৰীকাই তেওঁলোকক আশ্বাস দি কয় যে- পৰৱৰ্তী ৭ৰ পৰা ১০ দিনৰ ভিতৰত মথাউৰিৰ চিগা অংশ সম্পূৰ্ণ মেৰামতি কৰি মথাউৰিটো যাতায়তৰ সুচল কৰি দিয়া হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ab301f0c-50cb-4e0b-8cf9-8ecbc8d0ee88/ac5c4340_176d_4712_a3c4_2af4c595183c.jpg)
আনহাতে বানত ক্ষতিগ্ৰস্ত ৰাইজে যাতে তাৎক্ষণিকভাৱে চৰকাৰী সাহাৰ্য লাভ কৰে তাৰ সুব্যৱস্থা কৰিবলৈও মন্ত্ৰী হাজৰীকাই পৰিদৰ্শনৰ সময়ত উপস্থিত থকা জিলা আয়ুক্তক নিৰ্দেশনা প্ৰদান কৰে । যিসকলৰ ঘৰ সম্পূৰ্ণকৈ অথবা আংশিকভাৱে বিনষ্ট হৈছে তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত পাব লগা সকলো সহায় সোনকালে কৰি দিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তগৰাকীক নিৰ্দেশনা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/0cd70d03-4156-4bd7-b13f-1ec8353cb227/61237f1a_9065_47b5_a24a_01fa34305956.jpg)
উক্ত স্থানত উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই কয় যে- জলসম্পদ বিভাগে ৰাজ্যখনত বানৰ প্ৰকোপ কমাবৰ বাবে পাৰ্যমানে প্ৰয়াস কৰি আছে আৰু বহু ক্ষেত্ৰত সফলতা লাভ কৰিছে। ৰাজ্যখনৰ মূলনদী ব্ৰহ্মপুত্ৰত এইবাৰো যোৱা বৰ্ষৰ প্ৰায় সমানেই পানী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে- বিগত বৰ্ষত ৪১ টা স্থানত মথাউৰি ছিঙাৰ বিপৰীতে এইবাৰ ৫ টা স্থানত মথাউৰি ছিঙিছে । আনহাতে আগতে মথাউৰি ছিঙা অংশ মেৰামতিৰ বাবে প্ৰায় ৩মাহ সময় লগাৰ বিপৰীতে এইবৰ্ষৰ পৰা মথাউৰি ছিঙাৰ ৭দিনৰ ভিতৰতে টিউবৰ সহায়েৰে ছিঙা অংশ মেৰামতি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Also Read: আৰম্ভ হ'ব "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ অডিচন