বৰহোলাৰ শিলডুবিত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

শতাধিক ৰাইজে অ এন জি চিৰ এনে বঞ্চনা বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে

author-image
Asomiya Pratidin
New Update
বৰহোলাৰ শিলডুবিত বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমাৰ বৰহোলাৰ শিলডুবিৰ জি জি এছৰ সন্মুখত স্থানীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত অ'এন জি চিৰ বিৰুদ্ধে শ শ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শুকুৰবাৰে দিনৰ ১১ বজাত শিলডুবি অঞ্চলৰ শতাধিক লোকে হাতে হাতে প্লেকাৰ্ড লৈ ড্ৰিলিঙ চাইটৰ ৰীগৰ সন্মুখত সমবেত হৈ অ এন জি চিৰ বঞ্চনা আৰু নিজৰ জীয়াই থকাৰ অধিকাৰ বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

প্ৰতিবাদী ৰাইজে "অ এন জি চিৰ প্ৰতাৰণা সহ্য কৰা নহ'ব, ড্ৰিলিঙ চাইটৰ প্ৰদূষণ বন্ধ কৰক, আমাক বিশুদ্ধ খোৱাপানী ব্যৱস্থা কৰক, তৈল খাদ এলেকাত সামাজিক দায়বদ্ধতা আঁচনি ৰূপায়ণ কৰক" আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে, বৰহোলাৰ শিলডুবি তৈলখাদ এলেকাৰ বি আৰ ডি পি ৰীগৰ ড্ৰিলিঙ চাইটৰ পৰা ওলোৱা খাৰুৱা তেলৰ বিষাক্ত বৰ্জিত পদাৰ্থ অসুৰক্ষিত বাবে এৰি দিয়াৰ বাবে সেই বিলাক স্থানীয় ৰাইজৰ খেতিপথাৰ, কুঁৱা আৰু পুখুৰীত গৈ পৰাত ব্যাপক হাৰত প্ৰদূষিত হৈ পৰিছে ।

ফলত অ এন জি চিৰ এনে প্ৰদূষিত পানীয়ে স্থানীয় ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সম্প্ৰতি ৰাইজে এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি অঞ্চলটোত হাহাকাৰ কৰিবলগা হৈছে । জানিব পৰা অনুসৰি এই সন্দৰ্ভত শিলডুবি ৰাইজে অ এন জি চিৰ কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি এনেদৰে শতাধিক ৰাইজে অ এন জি চিৰ এনে বঞ্চনা বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে ।

প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত ৰাইজে কয় অ এন জি চিয়ে বছৰ ধৰি কোটি কোটি টকাৰ খাৰুৱা তেল উৎপাদন কৰি মুনাফা লুটি আহিছে যদিও ইয়াৰ বিপৰীতে কোনোধৰণৰ সামাজিক দায়বদ্ধতা আঁচনি ৰূপায়ণ কৰা নাই। ২০১০ চনৰ বিশুদ্ধ খোৱাপানীৰ বাবে শিলডুবি ৰাইজে অ' এন জি চিক দাবী জনাই আজি ২০২৩ চনত ভৰি দিলেহি কিন্তু আজিও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। যদিও নিগমে ৰাইজৰ দাবীত গুৰুত্ব নিদিয়ে তেনেহ'লে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে।

ইয়াৰ পিছতে অ এন জি চিৰ বিষয়াই আৰু তিতাবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ সৈতে আলোচনা কৰি টেংকাৰেৰে খোৱাপানী ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়াৰ পাছত প্ৰতিবাদ উঠাই লয় । উল্লেখযোগ্য যে, যোৰহাট জিলা বৰহোলা অঞ্চলৰ পৰা কেইবাদশক ধৰি অ'এন জি চি এ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উপাদান কৰি আহিছে কিন্তু ভাৰতৰ অন্য ৰাজ্যত যিদৰে অ'এন জি চি এ সামাজিক দায়বদ্ধতা আঁচনি দ্বাৰা জনকল্যানমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। তাৰ তুলনাত বৰহোলাৰ খাৰুৱা তেল উৎপাদন কৰা অঞ্চলত কোনোধৰণৰ লেখত ল'বলগীয়া জনকল্যানমূলক আঁচনি ৰূপায়ণৰ নকৰা বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে।

পৰিতাপৰ কথা যে বৰহোলা অঞ্চলত খনন কাৰ্য খাৰুৱা তেলে প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰা , প্ৰদূষণ সৃষ্টি কৰা , বাট-পথ সমুক সম্পূৰ্ন বিধ্বস্ত কৰি সমস্যা সৃষ্টি কৰি আহিছে ।

Also Read: প্ৰশ্ন কাকত ফাদিলকলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

protest