
ডিজিটেল সংবাদ, নামৰূপঃ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ একাধিক প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। ইখনৰ পিছত আনখন প্ৰশ্ন কাকতত ফাদিল হোৱাক লৈ সৰৱ হৈ পৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা।
শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ দায়িত্বহীন কাৰ্যৰ প্ৰতি প্ৰতিবাদ জনাই শুকুৰবাৰে দুপৰীয়া নামৰূপ ছাত্ৰ সন্থাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। অৰ্ধ শতাধিক আছু কৰ্মীয়ে শিক্ষা মন্ত্ৰী ৰনোজ পেগু,ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাৰ পুত্তলিকা চোচৰাই সমগ্র নামৰূপ চহৰ পৰিভ্ৰমণ কৰে।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে শিক্ষা মন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষক পদত্যাগৰ দাবীও উত্থাপন কৰে। ৰাজ্যৰ শিক্ষা মন্ত্রী ডা০ ৰনোজ পেগু অপৰ্দাথ আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন তথা পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক সৰ্বকালৰ অকৰ্মণ্য আখ্যা দিয়ে।
নামৰূপ আছুৰ সাধাৰণ সম্পাদক অসীম জ্যোতি ফুকনে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'ল ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ প্ৰথম দেওনা। এক দীঘলীয়া প্ৰস্তুতিৰে ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰে। কিন্তু দেখা গৈছে প্ৰায় ২০১৬ চনৰ পৰাই ছেবাই এই পৰীক্ষাকলৈ নানা বেমাজলি সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিছে।
তেওঁ লগতে কয় যে কেতিয়াবা পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খায়, কেতিয়াবা হেজাৰ হেজাৰ উত্তৰবহী জুইয়ে পোৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতো গা নল'ৰে চৰকাৰৰ। এইবাৰৰ পৰীক্ষাতো গণিত, বিজ্ঞান, ইংৰাজী অসমীয়া আদি বিষয়ৰ প্রশ্ন কাকত ফাদিল হোৱাটো অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বুলি আখ্যা দিয়ে ছাত্ৰ নেতা গৰাকীয়ে।
আনহাতে ৰাজ্যৰ প্রতিটো কথা বা বিষয়তে তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৰহস্যজনকভাবে মৌনতা অৱলম্বন কৰা দেখা গৈছে বুলি মন্তব্য কৰে নামৰূপ আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে। শিক্ষা বিভাগে অসমৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক হৈ ধেমালি নকৰিবলৈ সংগঠনটোৱে সকীয়াই দিয়ে ।