শান্তিনগৰ ডাকঘৰৰ চৌহদত গ্ৰাহকৰ উত্তাল প্ৰতিবাদ

গ্ৰাহকৰ সুবিধাৰ্থে পূৰ্বৰ স্থানতে শান্তিনগৰ উপ ডাকঘৰটো বাহাল ৰখাৰ দাবী জনাইছে
শান্তিনগৰ ডাকঘৰৰ চৌহদত গ্ৰাহকৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ উপ ডাকঘৰটো হঠাতে কোকৰাঝাৰ মূল ডাকঘৰলৈ স্থানান্তৰ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিগত ৫০ বছৰ ধৰি শান্তিনগৰ উপ ডাকঘৰত কাম কাজ চলি আছিল যদিও শান্তিনগৰ উপ ডাকঘৰটো মুখ্য ডাকঘৰ লৈ স্থানান্তৰিত কৰাত ৰাইজৰ প্ৰবল ক্ষোভৰ উদগীৰণ হৈছে ।

গ্ৰাহকসকলৰ মতে শান্তিনগৰ ডাকঘৰত গ্ৰাহকৰ সৰহ সংখ্যকে বয়োজ্যেষ্ঠ নাগৰিক আৰু মূল ডাকঘৰৰ সতে সংলগ্ন কৰাত অঞ্চলটোৰ বয়োজেষ্ঠ্য গ্ৰাহকসকলে টকাৰ লেন-দেনৰ ক্ষেত্ৰত ভীষণ অসুবিধা তথা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ৷ তদুপৰি দুৰত্বৰ ক্ষেত্ৰতো আন এক সমস্যাৰ সৃষ্টি হোৱাত ভীষণ সমস্যাত ভূগিছে গ্ৰাহকসকল। গ্ৰাহকৰ সুবিধাৰ্থে পূৰ্বৰ স্থানতে শান্তিনগৰ উপ ডাকঘৰটো বাহাল ৰখাৰ দাবী জনাইছে ।

শান্তিনগৰ ডাকঘৰৰ চৌহদত গ্ৰাহকৰ উত্তাল প্ৰতিবাদ
বাল্য বিবাহক লৈ হাটশিঙিমাৰী মছজিদত জিলা প্ৰশাসনৰ সজাগতা সভা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in