বাল্য বিবাহক লৈ হাটশিঙিমাৰী মছজিদত জিলা প্ৰশাসনৰ সজাগতা সভা

জিলা আৰক্ষী অধীক্ষক হৰেন টকবিও ভাষণ প্ৰদান কৰি বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক ভাষণ প্ৰদান কৰে
বাল্য বিবাহক লৈ হাটশিঙিমাৰী মছজিদত জিলা প্ৰশাসনৰ সজাগতা সভা

ডিজিটেল সংবাদ,হাটশিঙিমাৰীঃ বাল্য বিবাহক লৈ হাটশিঙিমাৰী মছজিদত জিলা প্ৰশাসনৰ সজাগতা সভা। জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী, জিলা অতিৰিক্ত উপায়ুক্ত বণি ইনাম স্বাদদাবৰ লগতে জিলা খনৰ ২ চৰকাৰী কাজীৰ উপস্থিতিত এই সভা অনুষ্ঠিত হয়।

সজাগতা সভাত জিলাৰ সদৰত থকা হাটশিঙিমাৰী মছজিদত এই সজাগতা সভা কৰি সকলো নাগৰিক বাল্য বিবাহৰ পৰা আঁতৰত থাকিব লাগে বুলি উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে মত প্ৰকাশ কৰে। জিলা আৰক্ষী অধীক্ষক হৰেন টকবিও ভাষণ প্ৰদান কৰি বাল্য বিবাহৰ বিৰুদ্ধে সজাগতামূলক ভাষণ প্ৰদান কৰে।

নামাজৰ পাছত মছজিদ চৌহদত বাল্য বিবাহ বিৰোধী সজাগতা সভাই বিশেষ তাৎপৰ্য বহন কৰিছে, এই সজাগতা সভাত নামত অংশগ্ৰহণ কৰা মুছলিম লোকসকলে টুপি পিন্ধি অংশগ্ৰহণ কৰে। জিলা উপায়ুক্তগৰাকীয়ে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত ইমামসকলক আগভাগ লোৱাৰ বাবে আহ্বান জনায়।

বাল্য বিবাহক লৈ হাটশিঙিমাৰী মছজিদত জিলা প্ৰশাসনৰ সজাগতা সভা
সোণতলীৰ সমাজকৰ্মী আব্দুল কৰিমৰ পৰলোকপ্ৰাপ্তি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in