দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমিত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ প্ৰসংগত ৰাজহুৱা সভা

দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমিত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ প্ৰসংগত ৰাজহুৱা সভা

author-image
Asomiya Pratidin
New Update
দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমিত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ প্ৰসংগত ৰাজহুৱা সভা

ডিজিটেল সংবাদ,ছয়দুৱাৰ : বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ গাতে লাগি থকা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ৪ নং লাটৰ অফৰাখাট(ঘাঁহিগাঁও)ত থকা মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰায় ৫৫০ বিঘা মাটি প্ৰস্তাৱিত "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বাবে মুক্ত মনেৰে আগবঢ়াবলৈ সত্ৰৰ সত্ৰাধিকাৰে সন্মতি প্ৰদান কৰিছিল। পিছত বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমিয়ে উপযুক্ত মৰ্য্যদা লাভ কৰাৰ আশাত এতিয়া উৎসাহিত হৈ পৰিছে গহপুৰ মহকুমাৰ ৰাইজ।

Advertisment

এই ইতিবাচক খবৰটোক লৈ গহপুৰবাসী ৰাইজ উৎসাহিত হৈ থকাৰ সময়তে সত্ৰৰ মাটি ভোগ দখল কৰি থকা ৩৬ গৰাকী ৰায়তীয়ে আজিলৈকে প্ৰায় ২১০ বিঘা মাটি মুক্ত মনেৰে বিশ্ববিদ্যালয়খন স্থাপনৰ স্বাৰ্থত এৰি দিয়াত সমগ্ৰ বিষয়টো এতিয়া এক ইতিবাচক দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে। তদুপৰি দুই এদিনৰ ভিতৰত একাধিক ৰায়তীয়ে ভোগ দখল এৰাৰ প্ৰস্তাৱ আগবঢ়োৱাত মুকলি মাটিৰ পৰিমাণ ২৫০ বিঘা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে বুলি জানিব পৰা গৈছে।

যাৰবাবে কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ জোখাৰে সত্ৰই আগবঢ়োৱা ভূমি পৰ্য্যাপ্ত হৈ পৰিব। হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অফৰাখাটৰ ৪ নং লাটৰ সত্ৰৰ ভূমিৰ ভৌগোলিক অৱস্থানত প্ৰস্তাৱিত কনকলতা বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰি ইয়াক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দেওবাৰে কনকলতা আদৰ্শ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, কনকলতা বিশ্ববিদ্যালয় অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ বিশ্ববিদ্যালয় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল। এই ঘোষণাৰ পিছত গহপুৰ মহকুমাৰ ৰাইজ উৎফুল্লিত হৈ থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ বাবে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰই প্ৰায় ৫৫০ বিঘা ভূমি স্বেচ্ছাই আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

এই সম্পৰ্কে এক গঠনমূলক আলোচনা কৰিবলৈ প্ৰথমবাৰৰ বাবে দেওবাৰে উক্ত সভাখন অনুষ্ঠিত কৰা হয়। ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী শোভন চন্দ্ৰ শইকীয়াই।

যুৱ সমাজকৰ্মী তৰণী দে'ই আঁত ধৰা সভাখনত অংশগ্ৰহণ কৰি মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ ছাত্র তথা শিক্ষক আৰু সাহিত্য অকাডেমি বঁটা প্ৰাপক অপূৰ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। তেওঁ ভাষণ প্ৰসংগত বীৰাংগনা কনকলতা বৰুৱাৰ জন্মস্থানতেই বিশ্ববিদ্যালয়খন স্থাপিত হোৱাৰ পোষকতা কৰি ইয়াৰ স্থানক লৈ কোনোধৰণৰ বাদানুবাদ বা বিতৰ্কৰ অৱকাশ হোৱাটো অনুচিত বুলি উল্লেখ কৰে।

সভাখনত এতিয়ালৈকে ভূমি এৰি দিয়া ৰায়তী আৰু দুই এদিনত ভূমি এৰি দিবলৈ ইচ্ছা কৰা ৰায়তী সকলৰ মহানুভৱতাক শলাগ লৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে‌। প্ৰস্তাবিত কনকলতা বিশ্ববিদ্যালয়খন শ্বহীদগৰাকীৰ জন্মস্থানৰ কাষতে খাটৰ পথাৰত থকা শ্ৰী শ্ৰী দক্ষিণপাত সত্ৰৰ ভূমিত স্থাপন কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আন্তৰিক সহযোগিতা আৰু বলিষ্ঠ পদক্ষেপ বিচাৰি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ইয়াৰোপৰি শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ বদান্যতা আৰু মহানুভৱতাক শলাগ লৈ আন এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত পৰবৰ্তী কাম-কাজ চলাই নিবলৈ বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাক সভাপতি,শিক্ষাবিদ নিত্য ভূঞা, সমাজকৰ্মী শোভন চন্দ্ৰ শইকীয়া আৰু সাংস্কৃতিক তথা যুৱ সমাজকৰ্মী যাদৱ চলিহাক উপ সভাপতি আৰু যুৱ সমাজকৰ্মী তৰণী দে'ক সম্পাদক হিচাপে লৈ কনকলতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰস্তুতি সমিতি নামেৰে এখন শক্তিশালী সমিতি গঠন কৰা হয়।

সভাত ৰায়তিসকলৰ উপযুক্ত প্ৰাৰ্থীক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লোকেশ্বৰী সন্ধিকৈ,সুভাষ উপাধ্যায়, গন্ধেশ্বৰ মিলি, দ্বীজেন ভূঞা, মুকুট বৰদলৈ, ড০ কৃষ্ণ কুমাৰ দে',দিগন্ত গোহাঁই ,চুৰামনি দাহাল,বিনোদ দাহাল,শংকৰলাল আগৰৱালা,ৰাজু গৌতম,ৰূপম ৰাজখোৱা, মণ্টুল মহন্ত,সোম প্ৰসাদ অৰ্জেল,ৰাজেশ কুজুৰ,মনোজ নাথ,দীপক গগৈ, ৰামচন্দ্ৰ অধিকাৰী,কুমুদ শৰ্মা, তোলন বৰা,হেমচন্দ্ৰ সন্দিকৈ, চিন্ময় মহন্ত,জিতু বৰা,লক্ষেশ্বৰ শইকীয়া,ৰাম অৱতাৰ আগৰৱালা, গোলাপ বৰাকে আদি কৰি প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

উক্ত সভাত শংকৰলাল আগৰৱালাই ২১ হাজাৰ,লক্ষেশ্বৰ শইকীয়াই ১০হাজাৰ আৰু গোলাপ বৰাই ১০ হাজাৰ টকা নৱ-গঠিত প্ৰস্তুতি সমিতিখনলৈ আগবঢ়ায়। সমিতিখনে প্ৰাৰম্ভিক কাম কাজ চলাই নিয়াৰ ক্ষেত্ৰত সহায়ক হোৱাৰ বাবে এই ধন আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে।

Also Read: সমাজ সৌৰভ দিলীপ কুমাৰ শৰ্মাৰ "জীৱন আৰু কৰ্ম" শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন

gohpur Kanaklata University