/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/802f8204-0981-48da-a11f-25d42a923703/264.jpg)
ডিজিটেল সংবাদ,উৰিয়ামঘাট : উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ জাতীয় কাব্যানুষ্ঠান "সদৌ অসম কবি সন্মিলন"ৰ গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত “জীৱন আৰু কৰ্ম” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। দেওবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত গোলাঘাট জিলা কবি সন্মিলনে প্ৰকাশ কৰি উলিওৱা সদৌ অসম কবি সন্মিলনৰ সন্মানীয় উপ-সভাপতি তথা 'সমাজ সৌৰভ' দিলীপ কুমাৰ শৰ্মাৰ “জীৱন আৰু কৰ্ম” শীৰ্ষক অভিনন্দন গ্ৰন্থখনি আড়ম্বৰপূৰ্ণভাৱে উন্মোচন কৰে।
সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে সভা শুভাৰম্ভ কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ তালুকদাৰে। গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক মহেশ্বৰ বসুমতাৰীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a7b71732-1675-4f58-ba12-1a030f0c98e2/28eba75b_892f_4de4_a39b_0f775e8c95a1.jpg)
অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা সভাখনতে গ্ৰন্থখনি উন্মোচন কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমৰেন্দ্ৰ সিংহই অতি সাৰুৱা ভাষণ প্ৰদান কৰে। শৰ্মাৰ কৰ্মজীৱনৰ ওপৰত ভিত্তি কৰি তেঁওৰ শুভাকাংক্ষী, বিভিন্ন অনুষ্ঠানৰ সভাপতি, সম্পাদক, প্ৰতিনিধি, লেখক, সাহিত্য আলোচক, সমালোচক, পৰিয়ালবৰ্গ, বন্ধুবৰ্গ, সহকৰ্মী আৰু অন্যান্য বিদ্বান ব্যক্তিসকলে উক্ত গ্ৰন্থখনিত লেখা প্ৰদান কৰে।
ইফালে সমাজ সৌৰভ দিলীপ কুমাৰ শৰ্মাৰ জীৱন আৰু কৰ্ম শীৰ্ষক গ্ৰন্থখনি সম্পাদনা কৰি উলিয়াই মুখ্য সম্পাদক ড০ প্ৰণৱ ঢেকিয়াল ফুকন আৰু সহযোগী সম্পাদক স্পনানী গগৈ চেতিয়া, মহেশ্বৰ বসুমতাৰী আৰু দীপ হেষ্টিংছ বৰিয়ে। আজিৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
সদৌ অসম কবি সন্মিলনৰ সন্মানীয় প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইন,উপদেষ্টা ৰাজুমণি বেজবৰুৱা,ডিজিটেল কাৰ্যক্ৰমৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা,প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী, সাংগঠনিক সম্পাদক হেমা চৌধুৰী গগৈ,মৃদুস্মিতা শৰ্মা, স্বাগতা বৰা, সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে ড০ সিদ্ধেশ্বৰ বৰা আৰু মণিপ্ৰভা বৰা, প্ৰাক্তন উপাধ্যক্ষ প্ৰশান্ত চাহু ,বিশিষ্ট কবি তথা বৰহোলা সেউজী কানন শাখা সাহিত্য সভাৰ সভাপতি ৰূপা নেওগ হাজৰিকা, মিনতি দলে,ড০ যতীন নাথ,পাৰিজাত বৰুৱা,অজন্তা তালুকদাৰ,স্পনানী গগৈ চেতিয়া,নীলিমা বৰা,তৰা বৰুৱা, মণ্টু মৰাং,পাপৰি শইকীয়া বৰা,পুতুল গগৈ,জ্যোৎস্না হিলৈদাৰী শইকীয়া,নিৰু দত্ত, চন্দ্ৰপ্ৰভা চেতিয়া,দণ্ডেশ্বৰ বৰা,ৰঞ্জন গোস্বামী,মণ্টু শৰ্মা,উদীপ বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ বিষয়ববীয়া, সৰুপথাৰ শাখা সাহিত্য সভাৰ বিষয় ববীয়া, জিলা কৰ্মচাৰী পৰিষদৰ বিষয় ববীয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীবৃন্দ, ছাত্ৰ-ছাত্ৰী, দিলীপ কুমাৰ শৰ্মাৰ পৰিয়ালবৰ্গকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰান্তৰৰ শতাধিক কবি উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/76d603d1-0238-4650-a26d-11423afdd846/176d5b56_bb97_47e7_bec3_3880834dfba3.jpg)
উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় একুৰি নিমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে।
Also Read: মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া