জামুগুৰিহাটত গাঁও পঞ্চায়ত সদস্যক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ৰাজহুৱা সভা

বিধায়ক পদ্ম হাজৰিকাৰ প্ৰসংগ টানি অনা কাৰ্যক একাংশ ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি সোমবাৰে ধলাইবিল কেন্দ্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ধিক্কাৰ দিয়ে

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত গাঁও পঞ্চায়ত সদস্যক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত  ৰাজহুৱা সভা

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ উত্তৰচিলাবন্ধা গাঁও পঞ্চায়তৰ এগৰকী সদস্য গনেশ হালৈক দেওবাৰে সন্ধিয়া ধলাইবিল কেন্দ্ৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ প্ৰচেষ্টা চলোৱা চামধৰা পানীগাঁৱৰ দিব্যজ্যোতি নাথৰ বিৰুদ্ধে গৰজি উঠিছে একাংশ স্থানীয় ৰাইজ ৷ উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী কেইজনমানে দিব্যজ্যোতি নাথক বাধা প্ৰদান কৰাৰ মূহুৰ্তত হতাহতি হৈছিল যদিও তেঁও কেতবোৰ মন সজা কথা কৈ সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰা বুলি মন্তব্য কৰে।

Advertisment

জানিব পৰামতে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰসংগ টানি অনা কাৰ্যক একাংশ ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি সোমবাৰে ধলাইবিল কেন্দ্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ধিক্কাৰ দিয়ে ৷ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী পূৰ্ণ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনিত শিক্ষক-সমাজকৰ্মী নিতুমনি বৰা,সাংস্কৃতিক কৰ্মী জয়ন্ত বৰা,ভাস্কৰ শইকীয়া,অৱসৰপ্ৰাপ্ত অধ্যক্ষ নোমল বৰা আৰু উত্তৰ জামুগুৰি সাহিত্য সভাৰ সভাপতি ৰত্নকান্ত নাথ আদিয়ে বক্তব্য প্ৰদান কৰে।

তেওঁলোকে উল্লেখ কৰে যে, চতিয়া সমষ্টিৰ কৰ্মদ্যোগী তথা জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাৰ বিৰূদ্ধে অপপ্ৰচাৰ চলোৱা দুস্কৃতিকাৰীসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। লগতে সভাই উক্ত ঘটনাৰ লগত বিধায়কগৰকীক অনাহকত সাঙুৰি বাতৰি পৰিবেশন কৰা দুটা প'ৰ্টেল চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: চেংগুৰচৰত বজ্ৰ পৰি মহিলাৰ মৃত্যু : শিশুসহ দুজন আহত

jamugurihat