মৰঙী প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক অমূল্য দত্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন...

মৰঙী প্ৰেছ ক্লাবৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক হিচাপে ৰাজ্যখনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰয়াত অমূল্য দত্তৰ পথ দুৰ্ঘটনাত ২০১৯ চনৰ ৩০ মে' দিনটোতে মৃত্যু হৈছিল ।

author-image
Asomiya Pratidin
New Update
মৰঙী প্ৰেছ ক্লাবত প্ৰয়াত সাংবাদিক অমূল্য দত্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন...

ডিজিটেল সংবাদ, গোলাঘাটঃ মৰঙী প্ৰেছ ক্লাবৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক হিচাপে ৰাজ্যখনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰয়াত অমূল্য দত্তৰ পথ দুৰ্ঘটনাত ২০১৯ চনৰ ৩০ মে' দিনটোতে ইহলীলা সম্বৰণ কৰিছিল । আজি সাংবাদিকগৰাকীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে মৰঙি প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে ৷

Advertisment

প্ৰেছ ক্লাবৰ সম্পাদক প্ৰিয়ংদ্বীপ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰয়াত অমূল্য দত্তৰ প্ৰতিছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াই ৷ মৰঙি প্ৰেছ ক্লাবৰ সমুহ সদস্যৰ উপস্থিতিত স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷

Also Read: চৰাইদেউত যুৱকৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য...

marangi college