/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b403b930-773e-446b-9622-46856b68251e/jb.jpg)
ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক সোমবাৰে গোলাঘাটৰ দেৰগাঁৱত দেৰগাওঁ সাহিত্য সভাই ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে অসমীয়া ভাষাক বিশ্বত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ স্বাৰ্থত কৰি অহা আশাশুধীয়া প্ৰচেষ্টাৰ বাবে জয়ন্ত বৰুৱাক উদ্যোক্তাসকলে উষ্ম আদৰণি জনায়।
উল্লেখ্য য এই সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে তেওঁ দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনৰ চৌহদত পুনৰ নিৰ্মাণ কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ব্ৰঞ্জৰ আবক্ষমূর্তিও উন্মোচন কৰে। মাংগলিক অনুষ্ঠানৰ মাজেৰে উন্মোচিত হোৱা এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান।
ভাষাৰ ওজাগৰাকীৰ আবক্ষমূর্তি উন্মোচন কৰি জয়ন্ত বৰুৱাই কয়, 'কিছুদিন পূৰ্বে মই ডিব্ৰুগড়ৰ পৰা ওভতাৰ পথত ওজা হেচন্দ্ৰ বৰুৱাৰ জন্মভূমি দেৰগাওঁত পূৰ্বেতে থকা মূৰ্তীটো পুনৰ নিৰ্মাণৰ বাবে মোক কেইবাজনো জ্যেষ্ঠ লোকে পৰামৰ্শ দিছিল। সেই মৰ্মেই ময়ো এটা ব্ৰঞ্জৰ আৱক্ষ মূৰ্তী নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। আজি নতুনকৈ নিৰ্মাণ কৰা এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তীটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত হৈ অতিকে আনন্দ অনুভৱ কৰিছো।'
এই অনুষ্ঠানতে হেমকোষ ব্ৰেইলৰ জৰিয়তে অসমীয়া ভাষাই বিশ্বৰ যি স্বীকৃতি অৰ্জন কৰিলে তাৰ বাবে তেওঁক দেৰগাওঁ সাহিত্য সভাৰ উপৰিও বিভিন্ন দল, সংগঠনে গামোচা, চেলেং, জাপি, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য এই অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ পত্নী ৰুবি বৰুৱাৰ উপৰিও শিক্ষাবিদ নগেন ঠাকুৰকে ধৰি দেৰগাওঁ সাহিত্য সভাৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, বিভিন্ন দল, সংগঠনৰ নেতৃত্ব, সাহিত্য অনুৰাগী, স্থানীয় ভিন্ন শ্ৰেণীৰ ৰাইজ উপস্থিত থাকে।
Also Read: জাগীভকতগাঁৱত যোগ কৰ্মশালা