/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f6027fac-323c-4757-b3d2-a7662b095472/marigaon.jpg)
ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ অন্যতম যোগ শিক্ষাৰ প্ৰতিষ্ঠান জাগীভকত গাঁৱৰ মণিকাঞ্চন যোগ বিদ্যালয়। বিদ্যালয়খন স্থাপন কৰা হৈছিল ২০২১ চনত। বিদ্যালয়খনৰ সৌজন্যত জাগীভকতগাঁও দুৰ্গাপূজা মণ্ডপত ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজন কৰা হৈছে যোগ কৰ্মশালাৰ।
উদ্যোক্তাই জনোৱা অনুসৰি পুৱা ৭. ০০ বজাৰ পৰা ৯.০০ বজালৈ ৫ দিনীয়া যোগ কৰ্মশালাৰ সোমবাৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে যোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰ্মল চন্দ্ৰ বৰুৱা আৰু সম্পাদক অনন্ত বৰাই।
কৰ্মশালাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে পতঞ্জলি যোগ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা মৰিগাঁও জিলা যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদিকা পূজা শৰ্মাই। প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অনন্ত বৰা আৰু নিপুমণি বৰা।
ইয়াৰোপৰি উক্ত কৰ্মশালাত উপস্থিত থাকে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি শিৱ দাস,বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি উৎপল বৰা, সদস্য ৰমেন ডেকা, গোবিন দাস, ৰঞ্জিত বৰুৱা, লিতুমণি বৰা প্ৰমূখ্যে অভিভাৱকসকল।অনুষ্ঠানটিৰ আঁত ধৰে প্ৰচাৰক জয়ন্ত সাগৰ শইকীয়াই।
Also Read: উৎকোচ লওতে আটক লাউখোৱা শিক্ষা খণ্ডৰ কৰ্মচাৰী