চত্ৰং নৈৰ গাৰ্ডৱাল নিৰ্মাণৰ কামক লৈ ভেঙুচালি ঠিকাদাৰৰ

চত্ৰং নৈৰ গাৰ্ডৱাল নিৰ্মাণৰ কামক লৈ ভেঙুচালি ঠিকাদাৰৰ

ডিজিটেল সংবাদ,গহপুৰঃ খীৰতি গাইলৈ পৰিণত হৈছে গহপুৰৰ চত্ৰং নদীৰ মথাউৰি তথা গাৰ্ডৱাল নিৰ্মাণৰ কাম। চত্ৰঙনৈত গহপুৰ নগৰত নিৰ্মাণ কৰি থকা গাৰ্ডৱাল নিৰ্মানত ব্যাপক আনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ।

নিম্ন মানৰ বালি, চিমেন্ট ব্যৱহাৰেৰে আৱন্তিত ধনৰ সিংহভাগ আত্মসাৎৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। বছৰ বছৰ ধৰি গহপুৰ নগৰখন বানত প্লাবিত কৰি আহিছে চত্ৰং নৈয়ে। তাক লৈ যেন ল'ৰাধেমালি খেলিছে গহপুৰৰ বিয়াগোম জলসম্পদ বিভাগে।

কামৰ খবৰ ল'বলৈ জলসম্পদ বিভাগৰ বিষয়াৰ সময় নহোৱাৰ অভিযোগ সচেতন ৰাইজৰ। প্ৰায় ১৫কোটি টকা ব্যয় সাপেক্ষে ১৬৩৫ মিটাৰ চত্ৰং নৈৰ গাৰ্ডৱালৰ কাম কৰিছে শিৱা হৰলাল নামৰ ঠিকাদাৰজনে। পিছে গহপুৰবাসীৰ সমস্যাৰ সৃষ্টি কৰা এই চত্ৰং নৈৰ গাৰ্ডৱাল নিৰ্মাণৰ কামক যেন ভেঙুচালি ঠিকাদাৰ জনৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in