প্ৰহসনত পৰিণত মালাবাৰী পূৱ কামৰূপ উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ...

স্বয়ম্ভু বিষয়াৰ কাৰচাজিত অতিষ্ঠ সচেতন মহল। বিদ্যালয়ৰ সমস্যা সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰা একাংশ লোকৰ সভাপতি পদৰ বাবে হেতা-ওপৰা...

author-image
Asomiya Pratidin
New Update
প্ৰহসনত পৰিণত মালাবাৰী পূৱ কামৰূপ উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ...

ডিজিটেল সংবাদ, দুমুনিচকীঃ ৫৩ টা বছৰ অতিক্ৰম কৰি ৫৪ বছৰত পদাৰ্পণৰ বাবে আগবঢ়া কামৰূপ জিলাৰ মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্প্ৰতি প্ৰহসনত পৰিণত হৈছে। উদযাপন সমিতিৰ সভাপতি সম্পাদক থকাৰ পিছতো একাংশ স্বয়ম্ভু বিষয়াই গ্ৰহণ কৰা কাৰচাজি আৰু উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকে গ্ৰহণ কৰা ৰহস্যজনক মৌন ভূমিকা ইয়াৰ মূল কাৰণ বুলি অভিযোগ উত্থাপন কৰিছে খোদ মালিবাৰী গাঁৱৰ সচেতন লোকে।

Advertisment

কামৰূপ জিলাৰ মালিবাৰী অঞ্চলৰ একাংশ পুৰোধা ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ে সম্প্ৰতি ৫৩ বছৰ অতিক্ৰম কৰি ৰাজ্যৰ শিক্ষা জগতত নিজৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে।‌ প্ৰতিষ্ঠাকালত স্থানীয় মালিবাৰীৰ লগতে একাংশ নিকটৱৰ্তী গাঁৱৰ লোকে নিস্বাৰ্থ ভাবে কৰা ত্যাগ তথা ঐক্যভাবে কৰা প্ৰচেষ্টাৰ ফলত ১৯৭০ চনত বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰে। কালক্ৰমে প্ৰতিষ্ঠাকালৰ পৰা জড়িত থকা অধিকাংশ লোকে ইহজগতৰ পৰা বিদায় লোৱাৰ লগতে বাৰ্ধক্যজনিত কাৰণত একাংশ লোকৰ বিদ্যালয়ৰ সৈতে থকা সম্পৰ্ক স্বাভাৱিকতে কমি আহে।

পিছলৈ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা দুই-চাৰিজন লোকক বাদ কৰি সময়ে সময়ে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা এজন লোকেও উল্লেখ কৰিব পৰা ধৰণে বিদ্যালয়ৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলশ্ৰুতিত ১৯৭০ চনত প্ৰতিষ্ঠা লাভ কৰা পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদ আজিও উন্মুক্ত হৈ থাকিব লগীয়া হৈছে। কেৱল এয়াই নহয় বিদ্যালয়ৰ মূল গৃহ থকা ভূমিৰ পূৰ্বৰ পৰিসৰৰ তুলনাত বৰ্তমানৰ পৰিসৰ ব্যাপকভাৱে ঠেক হৈ পৰা বুলি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীয়েও জানিবলৈ দিয়ে।

আনকি বিদ্যালয়ৰ স্বাৰ্থত বিভিন্ন লোকে ভূমিদান কৰি প্ৰতিষ্ঠিত কৰা বিদ্যালয়খনৰ ভূমিও আন প্ৰতিষ্ঠানক দিবৰ বাবে পূৰ্বৰ পৰিচালনা সমিতিৰ সভাপতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰা নিকৃষ্ট কাৰচাজিৰ তথ্যও পোহৰলৈ আহে। যাৰ ফলত স্থানীয় একাংশ লোকৰ তৎপৰতাত উক্ত প্ৰস্তাৱ নাকচ কৰিব লগীয়া হয়। আনহাতে বিদ্যালয় গৃহৰ চৌহদৰ সমীপত দান কৰা ভূমি আৰু বিদ্যালয়ৰ বাবদ ক্ৰয় কৰা ভূমিৰ অৱস্থান সন্দৰ্ভত উপযুক্ত তথ্য নথকাত স্থানীয় লোকে বিদ্যালয় প্ৰাংগনত তদানীন্তন পৰিচালনা সমিতিৰ সৈতে কেইবাদিনো সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওচৰত ভূমি বিক্ৰী কৰা লোক উপস্থিত থকাৰ উপৰি প্ৰতিষ্ঠাকালৰ সৈতে জড়িত একাংশ লোক উপস্থিত থাকে। তাৰ পিছতো উক্ত ভূমিৰ অৱস্থান সম্পৰ্কে স্পষ্ট হ'বলৈ সক্ষম নহ'ল।

উল্লেখ্য যোগ্য যে, পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি পিছলৈ উক্ত বিদ্যালয়ত শিক্ষকতা কৰি কেইবাজনো প্ৰাক্তন ছাত্ৰই অৱসৰ গ্ৰহণ কৰে যদিও বিদ্যালয়ৰ উক্ত ভূমিৰ সমস্যা নিষ্পত্তিৰ ক্ষেত্ৰত কোনো এজন শিক্ষকে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ইয়াৰ উপৰিও বিভাগীয়ভাবে প্ৰদান কৰা হোৱা বিদ্যালয়ৰ কম্পিউটাৰ, ইনভাৰ্টাৰ আদি বিভিন্ন সামগ্ৰীৰ অপব্যৱহাৰ কৰা সন্দৰ্ভত কিছুদিন পূৰ্বে একাংশ প্ৰাক্তন ছাত্ৰই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

এনেদৰে এশ-এবুৰি সমস্যাৰে জৰ্জৰিত মালিবাৰী পূৱ কামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমস্যাৰ ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰা একাংশ লোকে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ক্ষেত্ৰত বিদ্যালয়প্ৰীতি দেখুৱাটো পুটৌজনক বুলি মত ব্যক্ত কৰে সচেতন মহলে। লগতে উক্ত সমস্যাক ঢাকি ৰাখি বিদ্যালয়প্ৰীতি দেখুওৱাই সোণালী জয়ন্তীৰ সভাপতি পদৰ বাবে হেতা-ওপৰা লগোৱা কাণ্ড লজ্জাজনক বুলি অভিহিত কৰিছে।

Also Read: চাৰিকঢ়িয়া নদীৰ খহনীয়াত বিধ্বস্ত গোর্খালিবাসী...

education department of assam