চাৰিকঢ়িয়া নদীৰ খহনীয়াত বিধ্বস্ত গোর্খালিবাসী...

যুগ যুগান্ত ধৰি মহকুমাটোৰ মাজেৰে প্ৰৱাহিত এই নদীখনে সাম্প্ৰতিক সময়ত জুলুকা জুলুকে পানী খুৱাইছে অঞ্চলবাসীক।

author-image
Asomiya Pratidin
New Update
চাৰিকঢ়িয়া নদীৰ খহনীয়াত বিধ্বস্ত গোর্খালিবাসী...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক চাৰিকঢ়িয়া নদী। যুগ যুগান্ত ধৰি মহকুমাটোৰ মাজেৰে প্ৰৱাহিত এই নদীখনে সাম্প্ৰতিক সময়ত জুলুকা জুলুকে পানী খুৱাইছে অঞ্চলবাসীক। মহকুমাটোৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলত বিগত এটা দশক ধৰি নদীখনে নিৰন্তৰ গৰাখহনীয়া সৃষ্টি কৰি খেতি-মাটি, ভেঁটি-মাটি উচন কৰি নিয়াৰ সমান্তৰাল ভাবে চহা ৰাইজৰ জীৱন জীৱিকাক বিপৰ্যস্ত কৰি তুলিছে।

Advertisment

চলিত সময়ছোৱাত এই ভৰুণ নদীখনে গোর্খালি অঞ্চলৰ সুৰক্ষা বান্ধত ভয়ংকৰ খহনীয়া অব্যাহত ৰাখি ত্ৰাসৰ সৃষ্টি কৰিছে। ফেনে-ফুটুকাৰে বাঢ়ি অহা নদীখনে কঁঠালগুৰি গোর্খালি গাঁৱৰ কৃষিভূমি আৰু সুৰক্ষা বান্ধ পথৰ ওপৰত ভয়াৱহ খহনীয়া সৃষ্টি কৰি প্ৰচণ্ড ভাবুকি নমাই আনিছে। শেহতীয়াভাবে নদীখনে কঁঠালগুৰি গোর্খালি গাঁৱৰ মেৰুদণ্ড স্বৰূপ বান্ধ আৰু পথটোৰ দাঁতিৰ বৃহৎ অংশ খহাই নিয়ে।

তাৰোপৰি খহনীয়াত জাহ গৈছে গছ-গছনি। নদীখনৰ শিহৰণকাৰী খহনীয়াত ইতিমধ্যে কঁঠালগুৰি গোর্খালি অংশৰ মূল বান্ধটোৰ বিস্তৰ এলেকা উচন যোৱাৰ লগতে এই বান্ধটো ছিঙি মাত্ৰ ৮ ফুট মানহে বাকী ৰৈছেগৈ। নদীখনৰ আগ্ৰাসন ৰোধত কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত ত্ৰস্তমান গঞাই নিজাববীয়া প্ৰচেষ্টা গ্ৰহণ কৰিও ব্যৰ্থ হৈছে। দশক ধৰি এই অঞ্চলবাসীৰ ওপৰত নদীখনে নিৰবিছিন্ন হাৰত তাণ্ডৱ চলাই অহাৰ পাছত গ্ৰামোন্নয়ন বিভাগৰ এচাম দুৰ্নীতিগ্ৰস্ত বিষয়া-অভিযন্তাৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে নদীখন।

নদীখনৰ বক্ষ খনন, সুঁতি পৰিৱৰ্তন, বাঁহৰ স্পাৰ স্থাপন, শিলৰ স্পাৰ নিৰ্মাণ আদি বিভিন্ন আঁচনি ৰূপায়ন কৰি কোটি কোটি টকা অপচয় কৰা গ্ৰামোন্নয়ন বিভাগে এই জটিল আৰু স্পৰ্শকাতৰ সমস্যাটোৰ স্থায়ী সমাধান দিব নোৱাৰিলে। পৰিণতিত সাম্প্ৰতিক সময়ত বান্ধটোৰ লগতে বিস্তৰ কৃষিভূমি নদীখনে গ্ৰাস কৰিছে। বান্ধটো ছিঙিবলৈ মাত্ৰ কেইফুট মানহে বাকী থকা অৱস্থাতো সংশ্লিষ্ট বিভাগ তৎপৰ নোহোৱা কথাই বৃহত্তৰ কঁঠালগুৰি গোর্খালিবাসীক বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য কৰিছে।

নদীখনৰ ক্ৰমবৰ্ধিত বানৰ হেঁচা আৰু আগ্ৰাসনত পৰি ফলপ্ৰসূ প্ৰতিৰোধ ব্যৱস্থা অচিৰেই গ্ৰহণ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত হোৱাৰেই ইংগিত দি আহিছে নদীখনে। গাঁওবাসীৰ দাবী সময় থাকোতেই প্ৰশাসন, বিভাগে খহনীয়া ৰোধৰ ব্যৱস্থা তৎকালে গ্ৰহণ কৰক। নহ'লে যিকোনো সময়ত নদীখনে জল প্ৰলয় সৃষ্টি কৰিলে এনেবোৰ বিভাগ প্ৰশাসন জগৰীয়া হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰিছে।

Also Read: ভূঁইকপৰ জোকাৰণি; হ'ব নেকি চুনামি...

GOVT OF ASSAM dhemaji