অসম চৰকাৰক ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ, আশ্ৰয় শিবিৰত পানী যোগান ধৰিবলৈ নিৰ্দেশ

অসম চৰকাৰক ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ, আশ্ৰয় শিবিৰত পানী যোগান ধৰিবলৈ নিৰ্দেশ

ডিজিটেল ডেস্ক : ডবকাৰ আশ্ৰয় শিবিৰত যথেষ্ট সংখ্যক শিশু জ্বৰ, ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ ওপৰিও উচ্ছেদিত লোকসকলে বিগত দুবছৰ ধৰি চৰম দুৰৱস্থাৰ মাজত পাৰ কৰিছে দিন । এই ঘটনাক লৈ শেহতীয়াকৈ ক্ষুব্ধ হৈ পৰিল উচ্চ ন্যায়ালয় । এক নিজাববীয়া গোচৰৰ শুনানিকালত আশ্ৰয় শিবিৰত বসবাস কৰা লোকসকলৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিক ভৰ্ৎসনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য

ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ খণ্ড বিচাৰপীঠে । ডবকাৰ আশ্ৰয় শিবিৰত থকা শিশু জ্বৰ, ডায়েৰিয়াত আক্ৰান্ত হোৱা সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ত প্ৰকাশ হোৱা এক বাতৰিৰ পাচত উদ্বিগ্ন উচ্চ ন্যায়ালয়ে এক নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰে ।

২/২০২৩ নম্বৰৰ এই গোচৰটোৰ আজি অনুষ্ঠিত শুনানিকালত এমিকাছ কিউৰী (আদালতৰ বন্ধু) হিচাপে প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰে ডবকাৰ আশ্ৰয় শিবিৰৰ চৰম দুৰ্দশাগ্ৰস্ত ছবিখনৰ জীয়া ছবি প্ৰতিবেদন আকাৰে আদালতত দাখিল কৰে ।

এই সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পাছতেই যেন চৰকাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে ন্যায়ালয় । এক বৰ্ণনাতীত পৰিৱেশত বাস কৰি অহা লোকসকলৰ এনে দুৰ্দশা দেখি ন্যায়ালয়ে চৰকাৰী অধিবক্তাক মৌখিকভাৱে কয় যে, "আপোনালোকে চলোৱা উচ্ছেদ অভিযানৰ পাছত কিমান সংখ্যক অস্থায়ী শিবিৰ স্থাপন কৰা হ'ল । কিমান সংখ্যক লোকক পুন:সংস্থাপন দিয়া হ'ল । বাকীসকল কি অৱস্থাত আছে । আপোনালোকে তিৰ্পালেৰে সজা অস্থায়ী শিবিৰত মানুহক জন্তুৰ দৰে আৰু কিমান দিন ৰাখিব ?"

উল্লেখ্য যে, তাৰ মাজতেই চৰকাৰী অধিবক্তাই শিশুসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জনাই যদিও উচ্চ ন্যায়ালয়ে আকৌ প্ৰশ্ন কৰে যে, চিকিৎসাৰ অন্তত শিশুসকল ক'ত উভতি যাব ?"

অৰ্থাৎ যি ঠাইত পৰ্যাপ্ত সুবিধা নাই, স্বাস্থ্যৰ প্ৰতি কোনো সচেতনতা নাই সেই স্থানলৈ শিশুসকল উভতি গ'লেও পুনৰ যে জ্বৰ, ডায়েৰিয়াত আক্ৰান্ত নহ'ব তাৰ কোনো নিশ্চয়তা আছে জানো ?

অধিবক্তা ভাস্কৰ কোঁৱৰে নিজেই ডবকাৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ সংগ্ৰহ কৰিছিল সকলো তথ্য । পশুৰ গৰালৰ দৰে যেন এক অৱস্থাৰ মাজত লোকসকলক ৰখা হৈছে অত দিনে । এটি এটি মানৱ সম্পদক দুবছৰে তেনেদৰে আশ্ৰয় শিবিৰত থোৱাৰ কথা কল্পনাৰো অতীত ।

অৱশেষত ন্যায়ালয়ে, চৰকাৰক তাৎক্ষণিকভাৱে শিবিৰত পৰ্টেবল পানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ সৈতেই আশ্ৰয় শিবিৰসমূহৰ সকলো তথ্য পৰৱৰ্তী ১০ দিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে ।

অসম চৰকাৰক ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ, আশ্ৰয় শিবিৰত পানী যোগান ধৰিবলৈ নিৰ্দেশ
ঢকুৱাখনাৰ ৰেষ্টুৰেণ্টত চোৰৰ লুটপাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in