/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/695acf52-96e9-4dda-ba95-43a57a85dc03/theif.jpg)
চোৰৰ লুটপাত
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঘটাপৰা অঞ্চলত অৱস্থিত "জানমণি বাৰ এণ্ড ৰেষ্টুৰেণ্ট"ত যোৱা নিশা চোৰৰ চাফাই অভিযান চলে। ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ ঘটাপৰা অংশত অৱস্থিত বাৰখনৰ মূল প্ৰৱেশদ্বাৰ ভাঙি বৃহস্পতিবাৰে মাজনিশা ভিতৰত প্ৰৱেশ কৰে চোৰ ।
বাৰৰ ছাতাৰ ভাঙি প্ৰায় ৮ হাজাৰ টকা আৰু বিলাতী সুৰাৰ মুঠ ৪০টা কাৰ্টুন লৈ উধাও হয় । চুৰি কৰি নিয়া বিলাতী সুৰাৰ মূল্য প্ৰায় ১লাখ ৬০ টকা হব ।
স্মৰ্তব্য যে চোৰে চি চি টিভি কেমেৰা ওপৰলৈ দাঙি ডি ভি আৰ ভাঙি উঠাই লৈ যায় আৰু বিভিন্ন নথিপত্ৰ সিঁচৰতি কৰি যায় । এই সন্দৰ্ভত বাৰখনৰ স্বতাধিকাৰী জীতেন চুতীয়াই শুক্ৰবাৰে পুৱা জানিব পাৰি ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b3b29275-1f73-4951-92d6-13c09aafc4c9/8a59e7f2_3aaa_4f15_834a_8fca99debe19.jpg)
উল্লেখ্য যে চলিত বৰ্ষৰ ১৯ মাৰ্চত এইখন ৱাইন বাৰতে চোৰে চাফাই অভিযান চলাইছিল কেইবা লক্ষাধিক মূল্যৰ বিদেশী সুৰা উঠাই নিছিল যদিও আৰক্ষীয়ে আজিকোপতি কোনো এজন চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ।
পৰৱৰ্তী সময়ত যোৱা নিশা পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটাত ব্যৱসায়ী গৰাকী ভীষণ লোকচানৰ সন্মুখীন হোৱাৰ লগতে প্ৰচণ্ড নিৰাপত্তাহীনতাত ভুগিছে ।
চোৰ ধৰাত আৰক্ষীৰ ব্যৰ্থতাক স্থানীয় ৰাইজে ধিক্কাৰ দি এই পথত দৈনিক নৈশ তহল দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আৰক্ষীক ।
Also Read: কথাত কটা যায়, কথাত বঁটা পায়