
ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰা বহিৰাগত ঠিকাদাৰ নিৰ্মল ম’ৰ সোমবাৰে বিয়লি শিৱসাগৰ আৰক্ষীৰ জালত পৰে ৷ যোৰহাটত ধৰা পৰে বহু বিতৰ্কিত ঠিকাদাৰগৰাকী ৷
তিনি গৰাকীকৈ শীৰ্ষ আৰক্ষী বিষয়াৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি সন্ধিয়া প্ৰায় ৫ বজাত শিৱসাগৰ সদৰ থানাৰ চৌহদত উপস্থিত হোৱাৰ পিছতেই পূৰ্বৰে পৰা খাপ পিটি থকা শ শ প্ৰতিবাদকাৰীয়ে নিৰ্মল ম'ৰ গ বেক, অনা - অসমীয়াৰ গুণ্ডামী নচলিব শীৰ্ষক শ্ল’গানেৰে সদৰ থানা চৌহদ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে জল জীৱনৰ কাকতিবাৰীস্থিত এখন কোটি টকীয়া আঁচনিত সংঘটিত ব্যাপক অনিয়মৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা যুৱ ছাত্ৰ পৰিষদৰ নেতা লক্ষী দাস পানিকাক কেমেৰাৰ সন্মুখতে মাৰপিট কৰা উদণ্ড ঠিকাদাৰ নিৰ্মল ম’ৰৰ কাণ্ডক লৈ বিগত ৪ টা দিন ধৰি শিৱসাগৰ - চৰাইদেউ জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনতেই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতেই দেওবাৰে নিশা শিৱসাগৰত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটে ৷
দেওবাৰে আবেলি উদণ্ড নিৰ্মল ম’ৰৰ বাবুপট্টীৰ বাসগৃহৰ সন্মুখত যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু নিৰ্মলৰ পৰিয়ালৰ লোকে ঘৰৰ চাদৰ পৰা শিলাবৰ্ষণ কৰাৰ ফলত সংবাদ সংগ্ৰহ কৰি থকা চৰিফুল আহমেদ নামৰ এগৰাকী ফটো সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল ৷ অভিযুক্তৰ বাসগৃহৰ পৰা জাতীয় সংগঠনক লক্ষ্য কৰি শিলাবৰ্ষণ কৰা আৰু এগৰাকী সাংবাদিক আহত হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনৰ শ শ প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধেৰে পৰিস্থিতি উত্তাল কৰি তুলিছিল ।
খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলোৱা তথা প্ৰতিবাদকাৰীৰ ওপৰত শিলাবৰ্ষণেৰে সাংবাদিক আহত হোৱাৰ প্ৰতিবাদকল্পে আজি শিৱসাগৰ যুৱদলত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ডেৰ কুৰি জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন ৰাজহুৱা সভা অনুস্থিত হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰৰ সভাপতিত্বত অনুস্থিত সভাখনত কেন্দ্ৰীয় মূখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা,কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাই, ছবিৰ আহমেদ, সাংগাঠনিক সম্পাদক কুশল চেতিয়া, সহকাৰী সম্পাদক শিৱ কলিতা, চৰাইদেউ জিলা সমিতিৰ লংকেশ্বৰ গগৈ, জেষ্ঠ সাংবাদিক তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি মণিৰুল ইছলাম বড়া উপস্থিত থাকে ৷
জিলা সম্পাদক পলাশ ৰাজকোঁৱৰে উদেশ্য ব্যাখ্যা কৰা সভাখনত কেন্দ্ৰীয় মূখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই কয় যে, বহিৰাগত নিৰ্মল ম’ৰে লক্ষী দাস পানিকা আৰু প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা আক্ৰমণ খিলঞ্জীয়া স্বাভিমানী অসমীয়াৰ ওপৰত কৰা আক্ৰমণ ৷ কেমেৰাৰ সন্মুখত বহিৰাগতই আক্ৰমণ কৰাৰ পিছতো চৰাইদেউ আৰু শিৱসাগৰ জিলা " আৰক্ষী প্ৰশাসনৰ ভূমিকা চৰম লজ্জাজনক ৷ ধৈৰ্য্যৰ পৰীক্ষা নল’ব।ধৈৰ্য্যৰ বান্ধ চিঙিলেই যুৱ ছাত্ৰ কৰ্মী উশৃংখল হৈ পৰিলেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি তীব্ৰ হুংকাৰ প্ৰদান কৰে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকনে মাতব্বৰী অনা - অসমীয়া ঠিকাদাৰ নিৰ্মল ম’ৰে অসমৰ জাতীয় সংগঠনৰ নেতা, সংবাদকৰ্মীৰ ওপৰত চলোৱা আক্ৰমণ ভয়াবহ ভবিষ্যতৰ আগজাননী বুলি অভিহিত কৰি খিলঞ্জীয়াৰ ফালে আঙুলি টোৱালে সেই আঙুলি চিন্ন বিছিন্ন কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি বসন্ত গগৈয়ে কয় যে, খিলঞ্জীয়াৰ পীঠকেন্দ্ৰ হ’ল শিৱসাগৰ আৰু চৰাইদেউ জিলা ৷খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হ’বই ৷ আটক কৰাৰ নামত আৰক্ষীয়ে নাটক কৰিলে নহ’ব ৷
কঠোৰ ধাৰা প্ৰয়োগেৰে জেললৈ পঠাব লাগিব ৷ অন্যথাই শিৱসাগৰৰ পৰিস্থিতি ভয়ংকৰ ৰূপত অৱনতি ঘটিব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে থলগিৰি মানুহক ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহব্বান জনায় ৷
জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই কয় যে, অসমীয়া মাৰখোৱা জাতি নহয় ৷ সংবিধানক সন্মান কৰিহে হাত সাৱটি আছে ৷ আমাৰ সন্মান ভৰা মৌনতাক দুৰ্বলতা বুলি ভাবিব নালাগে ৷ধৈৰ্য্যৰ বান্ধ ছিগিলেই নিৰ্মলৰ দৰে অনা অসমীয়া গুণ্ডাৰ বিৰুদ্ধে ৰণ ডংকা তুলিবলৈ অসমীয়াই কাৰো আদেশলৈ বাট নাচায় ৷
জিলা সাংবাদিক সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডাই নিৰ্মলক জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ, আহত সাংবাদিক চৰিফুল আহমেদৰ চিকিৎসা ব্যয় বহণৰ দাবী জনোৱাৰ লগতে এই আক্ৰমণেই খিলঞ্জীয়াৰ ওপৰত শেষ আক্ৰমণ হোৱাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ চৰকাৰ, ৰাইজৰ প্ৰতি আহব্বান জনায় ৷ অন্যথাই অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হ’ব বুলি কয় ৷
সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি দেৱজিত দত্তই নিৰ্মল ম’ৰেক গুণ্ডা আখ্যা দি কয় যে যদিহে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি এনে বৰ্হিৰাগত গুণ্ডাক নিয়ন্ত্ৰণ নকৰে তেন্তে ৰাইজে নিজেই আইন হাতত তুলি ঠাণ্ডা কৰাৰ দৰে পৰিস্থিতি শিৱসাগৰত সৃষ্টি হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা তথা পৰশ জ্যোতি দাসে জেললৈ গ’লেও শিৱদ’লৰ সন্মুখত আঠু কাঢ়ি কাণত ধৰি খিলঞ্জীয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবই লাগিব বুলি কয় ৷
যুৱ ছাত্ৰ পৰিষদৰ নেতা ছাবিৰ আহমেদৰ লগতে জিলাখনৰ দেৰকুৰি সংগঠনৰ বিষয়বৰ্বীয়া উপস্থিত থকা ৰাজহুৱা সভাই সৰ্বসন্মতি ক্ৰমে জামিন বিহীন ধাৰাত নিৰ্মলক গ্ৰেপ্তাৰ কৰি ২৪ ঘন্টা আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই জেললৈ প্ৰেৰণ কৰা,আহত সাংবাদিকৰ চিকিৎসা ব্যয় বহন কৰা, সুস্থ নোহোৱালৈকে পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব লোৱা আৰু শিৱদ’লৰ সন্মুখত আঠু কাঢ়ি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।
উল্লেখিত দাবী কেইটা যদিহে নিশাৰ ভিতৰত আৰক্ষী-প্ৰশাসনে মানি লোৱাৰ নিশ্চয়তা প্ৰদান নকৰে তেন্তে কাইলৈ পুৱাৰ পৰা ২৪ ঘন্টীয়া শিৱসাগৰ আৰু চৰাইদেউ জিলা বন্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰে ৷ আনহাতে নিৰ্মলক আটকৰ বাতৰি বিয়পি পৰাৰ পিছতেই সদৰ আৰক্ষী থানাৰ সন্মুখ বিভিন্ন দল সংগঠনৰ শ শ কৰ্মীয়ে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে ৷