নগাঁৱত গ্ৰন্থ উন্মোচনী আৰু সম্বদ্ধৰ্না সভাৰ আয়োজন

কাব্য গ্ৰন্থ “কাব্য-প্ৰৱাহ” নামেৰে গ্ৰন্থখনি উন্মোচন কৰাৰ লগতে সম্বদ্ধৰ্না সভাৰ আয়োজন কৰা হৈছে
নগাঁৱত গ্ৰন্থ উন্মোচনী আৰু সম্বদ্ধৰ্না সভাৰ আয়োজন

ডিজিটেল সংবাদ,বেবেজীয়া : বিশ্ব মাতৃ দিৱসৰ লগত সংগতি ৰাখি অহা ৭ মে’ত গ্ৰন্থ উন্মোচনী লগতে সম্বদ্ধৰ্না সভাৰ আয়োজন। বিশ্ব মাতৃ দিৱসৰ দিনা পুৱা ১০:৩০ বজাত নগাঁৱৰ জ্যেষ্ঠ নাগৰিক ভৱনৰ সভাকক্ষত প্ৰীতি স্মিতা বৰাৰ সম্পাদনা আৰু বিশিষ্ট চিকিৎসক ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াৰ দ্বাৰা প্ৰকাশিত কাব্য গ্ৰন্থ “কাব্য-প্ৰৱাহ” নামেৰে গ্ৰন্থখনি উন্মোচন কৰাৰ লগতে সম্বদ্ধৰ্না সভাৰ আয়োজন কৰা হৈছে ৷

আয়োজক সমিতিয়ে জনোৱা মতে কাব্য গ্ৰন্থখনি উন্মোচন কৰিব ড° সাগৰ বৰুৱাই ৷ উক্ত সম্বদ্ধৰ্না অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্টা নাৰীক মাতৃ দিৱসৰ লগত সংগতি ৰাখি বিশেষভাৱে সম্বদ্ধৰ্না জনোবা হ'ব বুলি উদ্যোগক্তা মণ্ডলিয়ে জানিব দিছে ।

উক্ত দিনৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আয়োজক সমিতিয়ে কামনা কৰিছে ৷

নগাঁৱত গ্ৰন্থ উন্মোচনী আৰু সম্বদ্ধৰ্না সভাৰ আয়োজন
কচুৱাৰ শ্ৰী শ্ৰী মাধৱ থানৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in