ৰূপনাথ অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰোধীতাৰে কোকৰাঝাৰত প্ৰতিবাদ

ৰূপনাথ অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰোধীতাৰে কোকৰাঝাৰত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
 ৰূপনাথ অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰোধীতাৰে কোকৰাঝাৰত প্ৰতিবাদ

ডিজিটেল সংবাদ,কোকৰাঝাৰ: এফালে বিটিচিৰ বাজেট অধিবেশন আনফালে ধৰ্ণা কাৰ্যসূচী। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিচিৰ বাজেট অধিবেশনৰ মাজতে মঙলবাৰে বিটিচি সচিবালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে নাগৰিক সচেতন মঞ্চই।

Advertisment

কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় পূৰ্বৰ স্থিতিত ৰখাৰ দাবী জনাই নাগৰিক সচেতন মঞ্চই। নিজ দাবীৰ সমৰ্থনত বিটিচি সচিবালয়ৰ গেটৰ বাহিৰত শ্লোগান দি প্ৰতিবাদ কৰে নাগৰিক সচেতন মঞ্চই।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে, মেডিকেল কলেজৰ স্বাৰ্থত কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয়খন হত্যা কৰিব বিচাৰিছে।মেডিকেল কলেজত কোনো চিকিৎসা নাপায়, সেয়ে ৰোগী নাযায়। পূৰ্বৰ মৰ্যদাৰে কোকৰাঝাৰ ৰূপনাথ অসামৰিক চিকিৎসালয় বৰ্তাই ৰখাৰ দাবী কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

Also Read: আদৰ্শ ভোটকেন্দ্ৰ হিচাপে প্ৰথম স্থান লাভ জাগীৰোডৰ মৰিসুঁতিটুপ প্ৰাথমিক বিদ্যালয়

Rupnath Civil Hospital kokrajhar