আদৰ্শ ভোটকেন্দ্ৰ হিচাপে প্ৰথম স্থান লাভ জাগীৰোডৰ মৰিসুঁতিটুপ প্ৰাথমিক বিদ্যালয়

আদৰ্শ ভোটকেন্দ্ৰ হিচাপে প্ৰথম স্থান লাভ জাগীৰোডৰ মৰিসুঁতিটুপ প্ৰাথমিক বিদ্যালয়

author-image
Asomiya Pratidin
New Update
আদৰ্শ ভোটকেন্দ্ৰ হিচাপে প্ৰথম স্থান লাভ জাগীৰোডৰ মৰিসুঁতিটুপ প্ৰাথমিক বিদ্যালয়

ডিজিটেল সংবাদ,মৰিগাঁওঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত আদৰ্শ ভোটকেন্দ্ৰ হিচাপে স্থাপন কৰা মৰিগাঁৱৰ এখন বিদ্যালয়ে জিলাখনৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। আদৰ্শ ভোটকেন্দ্ৰ হিচাপে জিলাখনৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰা এই ভোটকেন্দ্ৰটো স্থাপন কৰা হৈছিল জাগীৰোডৰ মৰিসুঁতিটুপ প্ৰাথমিক বিদ্যালয়ে।

সদ্যসমাপ্ত নিৰ্বাচনত এই ভোটকেন্দ্ৰটো অতি পৰিপাটীকৈ সজাই পৰাই তোলা হৈছিল। ভোটাৰে যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰিছিল এই ভোটকেন্দ্ৰটোত।

ইফালে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘোষণা কৰা অনুসৰি, দ্বিতীয় স্থান লাভ কৰে জাগীৰোড বিধান সভা সমষ্টিৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰিছে মৰিগাঁও বিধান সভা সমষ্টিৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ে। জিলাখনৰ লাহৰীঘাট সমষ্টিৰ ফলিহামাৰী পথাৰ এম ভি স্কুললৈ নিচুকনি বঁটা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, ২৬ এপ্ৰিলৰ লোকসভা নিৰ্বাচনৰ সময়ছোৱাত মৰিগাঁও জিলাত কেইবাটাও ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল। জিলাখনৰ অন্তৰ্গত যিসমূহ বিদ্যালয়ত ভোটকেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল উক্ত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে মঙলবাৰে এক বৈঠকত মিলিত হৈ এই কথা প্ৰকাশ কৰে সৰ্বশিক্ষা অভিযান আৰু জিলা প্ৰশাসনে।

Also Read: ঘোচখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ জামিন লাভ

morigaon school polling station