সমষ্টি পুনঃনিৰ্ধাৰণৰ দাবী সমিতিৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

সমষ্টি পুনঃনিৰ্ধাৰণৰ দাবী সমিতিৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
সমষ্টি পুনঃনিৰ্ধাৰণৰ দাবী সমিতিৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ,ওৰাং: দেশৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা ৰাজ্যৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাত প্ৰস্তাৱিত দৰং লোকসভা সমষ্টি বাতিল কৰি ষষ্ঠ অনুসূচীৰ অধীনত পৃথক কৈ ওদালগুৰি লোকসভা সমষ্টি গঠন কৰাৰ দাবীত প্ৰতিবাদ ৷ গোৰেশ্বৰ, তামুলপুৰ, ভেৰগাঁৱ, টংলা, ওদালগুৰি আৰু মাজবাট সমষ্টিক সামৰি ডিফু লোকসভা সমষ্টি (ষষ্ঠ অনুসুচী)ৰ দৰে পৃথক ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত এই প্ৰতিবাদ ৷

Advertisment

সমষ্টি পুনঃনিৰ্ধাৰণৰ দাবী সমিতিৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, হাজং ছাত্ৰ সন্থাকে আদিকৰি প্ৰায় ১০টাকৈয়ো অধিক সংগঠনৰ সহযোগত ওৰাঙৰ লক্ষী মন্দিৰ প্ৰাঙ্গণত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত ৭৫ বছৰে মঙ্গলদৈ লোকসভা সমষ্টিত ভোট প্ৰদান কৰিয়ো উন্নয়নৰ মুখ নেদেখিলে বুলি বি টি চিৰ একাংশ জনতাই আক্ষেপ প্ৰকাশ কৰে।

বি টি চিৰ জনতাৰ উন্নয়নৰ স্বাৰ্থত ৬ টা বিধানসভা সমষ্টিক সামৰি পৃথক ওদালগুৰি লোকসভা সমষ্টিৰ গঠনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ১০ টাতকৈ অধিক দল-সংগঠনে। ২ ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগলৈ প্ৰতিবাদকাৰীসকলে স্মাৰক পত্ৰ প্ৰদান কৰে ।

Also Read: মাকৰ পৰা বিচ্ছেদিত হাতী পোৱালিৰ পুনৰ মিলন

orang