/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e9514838-7a87-47dc-8d86-2d756d69c6fe/naoboisa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ভাৰতীয় নিৰ্বাচনী আয়োগে জাৰি কৰা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকাক লৈ তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিত। বিশেষভাৱে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ পৰা মুঠ ২০খন গাঁৱৰ সমীপৰ নাওবৈচা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ সৃষ্টি হৈছে ব্যাপক অসন্তুষ্টিৰ।
সমষ্টিটোৰ ভিন্ন প্ৰান্তত অব্যাহত থকা এনে ক্ষোভ আৰু প্ৰতিবাদৰ মাজতে শনিবাৰে ঘিলামৰাৰ মাজ পাতৃচুক গাঁৱত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা। অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতি প্ৰসাদ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সধাৰণ সম্পাদক পদ্মলোচন দলে,লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতি কেশেন চেতিয়া, ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া আদি বহু কেইগৰাকী বিষয়ববীয়া , অসন্তুষ্ট ৰাইজ সভাত উপস্থিত থাকি বক্তব্য ৰাখে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1852b7f9-c1f1-4c9a-9be6-28ee8ea5fae9/3e382aab_7d14_4c06_893c_6fad15ca940e.jpg)
প্ৰতিবাদী সভাত বক্তাসকলে এই সমষ্টি সীমা পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া ক্ৰুটিপূৰ্ণ আৰু থলুৱা জনগাঁথনিত নেতিবাচক প্ৰভাৱ পেলাব পৰা এক পৰিকল্পিত ৰাজনৈতিক চক্ৰান্ত বুলি অভিহিত কৰি কোনো কাৰণতে এনে হঠকাৰী সিদ্ধান্ত মানি নোলোৱাৰ ঐক্যবদ্ধ ৰাজহুৱা মত পোষণ কৰে। সভাত ঢকুৱাখনা বিধানসভা সমষ্টি তথা ঘিলামৰা উন্নয়ন খণ্ডৰ পৰা ৰাজনৈতিক অভিসন্ধিৰে কুৰিখনকৈ গাঁৱৰ ভোটাৰ ৰাইজক নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত কৰা কাৰ্য্য মানি নলয় বুলি সমজুৱা সকীয়নী দি বক্তব্য ৰাখে ভুক্তভোগী নাগৰিক সমাজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fc5b4205-3d61-42f7-846b-665855a757be/3a1aec1c_80f3_4951_b8b8_7ba5c22587c7.jpg)
প্ৰজন্ম ধৰি ঢকুৱাখনা বিধানসভা সমষ্টিৰ আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ অধীনৰ ভৌগলিক এলেকাত বাস কৰি গণতান্ত্ৰিক ভাবে ভোটাধিকাৰ সাব্যস্ত কৰা ৰাইজে নিৰ্বাচন আয়োগৰ দ্বাৰা শেহতীয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাত কি যুক্তিত আৰু সার্বজনীন অৰ্হতাৰ বাবে গাঁৱসমূহ ঢকুৱাখনাৰ পৰা নাওবৈচা সমষ্টিলৈ বলপূৰ্বকভাৱে লৈ যোৱা হ'ল বুলি প্ৰশ্ন তুলি এনে অবিবেচকী সিদ্ধান্ত মানি নলয় বুলি ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/335d1d6e-5552-46da-9009-5aecdc2edb8f/801d5c95_51a0_40b5_a6a4_68ec49fedb89.jpg)
নিৰ্বাচন আয়োগক শীঘ্ৰে এই জনবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে সভাই আহ্বান জনায়। অন্যথাই প্ৰয়োজন সাপেক্ষে এইখিনি ভুক্তভোগী নাগৰিকে নিৰ্বাচন বর্জনৰ দৰে কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও ঐক্যমত দোহাৰি এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰি পুনৰ ঢকুৱাখনা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে ।
উল্লেখ্য যে এই পদক্ষেপৰ তীব্ৰ বিৰোধিতাৰে অহা ২৬ জুনত মৰনৈ বেবেজীয়াৰ আলিমুৰ বালিগাঁৱত ক্ষুব্ধ নাগৰিকৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লয়। লগতে ৰাজহুৱা সভাত গ্ৰহণ কৰি পৰ্যায় ক্ৰমে সকলো গাঁৱলৈ এই গণতান্ত্ৰিক প্ৰতিবাদ সম্প্ৰসাৰণ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে।