ৰাজপথত ছাত্ৰৰ উদণ্ড আচৰণঃ ইটা, ক্ৰিকেট বেটৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন

ৰাজপথত ছাত্ৰৰ উদণ্ড আচৰণঃ ইটা, ক্ৰিকেট বেটৰ প্ৰহাৰত গুৰুতৰভাৱে আহত এজন

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ৰাজপথত ছাত্ৰৰ উদণ্ড আচৰণ ৷ ক্ৰিকেট বেট আৰু ইটা লৈ একাংশ ছাত্ৰই প্ৰহাৰ কৰে এজন ছাত্ৰক ৷ ছাত্ৰৰ দলবদ্ধ আক্ৰমনত গুৰুতৰভাৱে আহত হয় আছিকুল আলি নামৰ ছাত্ৰজন ৷

জানিব পৰা মতে নগাঁৱৰ আমোলাপট্টি ৰত্নকান্ত বৰকাকতী দলঙৰ ওচৰত সংঘটিত হয় এই ঘটনা ৷ বিয়লি আছিকুল নামৰ যুৱকজনক দলঙৰ ওচৰত বাট ভেটি ক্ৰিকেট বেট আৰু ইটাৰ টুকুৰাৰে প্ৰহাৰ কৰে ৷ প্ৰহাৰত ছাত্ৰজন ৰাজপথত ৰক্তাক্ত হৈ পৰে ৷ ৰাজপথত ছাত্ৰজনক গুৰুলা গুৰুলকৈ মাৰধৰ কৰি ৰক্তাক্ত কৰাৰ সময়ত উক্ত স্থানত থকা স্থানীয় লোকে দলটোক বাধা দিয়াত উদণ্ড ছাত্ৰৰ দলটোয়ে পলায়ন কৰে যদিও দুজনক কৰায়ত্ব কৰে ৷

লগে লগে ৰাজপথত পৰি ৰোৱা আছিকুলক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰে ৷ লগতে কৰায়ত্ব কৰা ছাত্ৰ দুজনক আৰক্ষীক গতাই দিয়ে ৷ অৱশ্যে ছাত্ৰজনক উদণ্ড আন ছাত্ৰৰ দলটিয়ে কিয় মাৰধৰ কৰিছিল সেই কথা জানিব পৰা নাই ৷

গুৰুতৰভাৱে আহত আছিকুল আলি নগাঁৱৰে বিদ্যামণ্ডিৰ জুনিয়ৰ কলেজৰ ছাত্ৰ ৷ ঘৰ ফৌজদাৰী পট্টিত ৷ আনহাতে উদণ্ড ছাত্ৰ দলটোৰ ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া ছাত্ৰ দুজনৰ নাম হৈছে ৰাহুল বৰা আৰু আয়েশ আলম ৷ ৰাহুল পুৰণিগুদাম কলেজৰ ছাত্ৰ আৰু আয়েশ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in