চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্তৰ দাবীত বিশাল জনজাগৰণ সভা

ধেমাজি জিলাৰ প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবীত বুধবাৰে এক বিশাল জনজাগৰণ সভা উলিয়াই

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্তৰ দাবীত বিশাল জনজাগৰণ সভা

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবীত বুধবাৰে এক বিশাল জনজাগৰণ সভা উলিয়াই। চিচিবৰগাঁও ৰাজহুৱা কৃষ্টি ভৱনত চিচিবৰগাওঁ বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতি আৰু সংগ্ৰামী মঞ্চৰ উদ্যোগত আয়োজন কৰে এই জনজাগৰণৰ সভাৰ।

Advertisment

উল্লেখ্য যে নিৰ্বাচন আয়োগে অসমৰ বিধানসভা সমষ্টি পুনৰনিৰ্ধাৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি ধেমাজি জিলাৰ প্ৰস্তাৱিত তৃতীয়টো সমষ্টি চিচিবৰগাঁও সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাক লৈ অ-জনজাতি ৰাইজৰ মাজত দীৰ্ঘদিন ধৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ধেমাজি জিলাত ইতিমধ্যেই দুটাকৈ সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত হৈ আছে।

তৃতীয়টো প্ৰস্তাৱিত সমষ্টিত গৰিষ্ঠসংখ্যক লোক অ-জনজাতীয় হোৱা সত্বেও পুনৰ জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ প্ৰতিবাদত ৰূপায়ন কৰে এই বিশাল কাৰ্যসূচী। বৰ্ষাবিঘ্নিত পৰিৱেশৰ মাজতো দলে বলে ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মীৰ লগতে ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। সভাত বিপ্লৱী গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ লগতে কেইবাজনো শিল্পীয়ে।

আৰু পঢ়কঃ বাক্সাৰ থমনাত উলুবাৰী শংকৰদেৱ হাইস্কুলৰ ৰূপালী জয়ন্তী

protest