বৰহোলা ইকৰাণি পঞ্চায়তৰ অন্তৰ্গত বিধস্ত পথ মেৰামতি দাবীত উত্তাল প্ৰতিবাদ

বৰহোলা ইকৰাণি পঞ্চায়তৰ অন্তৰ্গত বিধস্ত পথ মেৰামতি দাবীত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,ঘিলাধাৰী : বৰহোলাৰ ইকৰাণি পঞ্চায়তৰ বামুণ-কলিতা গাঁৱত বিধ্বস্ত পথ মেৰামতি দাবীত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ২০০টা পৰিয়াল বাস কৰা অঞ্চলটোৰ মূল পথছোৱা বিধস্ত অৱস্থাৰ কাৰণে বিদ্যালয়লৈ যাতায়ত কৰা শিক্ষাৰ্থীকে ধৰি জৰুৰীকালীনভাৱে কোনো ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হ’লে যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হয় ৷

উল্লেখ্য যে, ১৯৮৩ৰ গণ আন্দোলনৰ ছহিদ দণ্ডেশ্বৰ কলিতা নামেৰে নামাকৰণ কৰা ৩ কিঃমিঃ দৈৰ্ঘ্য পথছোৱা পকীকৰণ কৰিবলৈ সংশ্লিষ্ট বিভাগক পূৰ্বেও দাবী জনাইছিল। লগতে বিগত চৰকাৰ আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰক বাৰম্বাৰ আবেদন জনাই আহিছে যদিও ৰাইজৰ কথা কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসী ৰাইজে উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে ৷

বৰহোলা ইকৰাণি পঞ্চায়তৰ অন্তৰ্গত বিধস্ত পথ মেৰামতি দাবীত উত্তাল প্ৰতিবাদ
প্ৰাক্তন উপায়ুক্ত-লেখক চন্দ্ৰমোহন কাকতিৰ ৪খন গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in