প্ৰাক্তন উপায়ুক্ত-লেখক চন্দ্ৰমোহন কাকতিৰ ৪খন গ্ৰন্থ উন্মোচন

ঐতিহ্য আবেগত নাথাকে, সংৰক্ষণশীলতাৰ মাজেৰেহে জিলিকে : ড০ ৰাজেন শইকীয়া
প্ৰাক্তন উপায়ুক্ত-লেখক চন্দ্ৰমোহন কাকতিৰ ৪খন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : "জীৱনৰ প্ৰতি ভালপোৱা,সংবেদনশীলতা থাকিলেহে অৱসৰৰ পিছতো লিখা-মেলা কৰাটো সম্ভৱপৰ হয় । চৰকাৰী বিষয়া হৈ লেখা-মেলা কৰাৰ ছবিখন অতিশয় দুৰ্বল; কিন্তু এইক্ষেত্ৰত পৃথক প্ৰাক্তন উপায়ুক্ত চন্দ্ৰমোহন কাকতি। তেখেতে ইয়াৰ জৰিয়তে ঐতিহ্য ৰচনা কৰিছে অৰ্থাৎ সংৰক্ষণশীলতাৰ পথত বাট বুলিছে। সংৰক্ষণশীলতাৰ মূল্য বুজিলেহে সমাজ উপকৃত হ'ব। কাৰণ,ঐতিহ্য আৱেগত নাথাকে,সংৰক্ষণশীলতাৰ মাজেৰেহে জিলিকে।" - এই মন্তব্য ইতিহাসবিদ ড০ ৰাজেন শইকীয়াৰ।

শনিবাৰে নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লেখক,প্ৰাক্তন উপায়ুক্ত চন্দ্ৰমোহন কাকতিৰ এক গ্ৰন্থ উন্মোচনী সভাত এগৰাকী অন্যতম উন্মোচক হিচাপে উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে ড০ শইকীয়াই । লগতে তেওঁ বৰ্তমান পৰ্যাবৰণৰ সংকট সম্প্ৰতি পৃথিৱীৰ এক বৃহৎ সংকট বুলি উল্লেখ কৰাৰ লগতে ইয়াক আধুনিক সমস্যা বুলি অভিহিত কৰে।

বিশালতা আমাৰ দেশৰ ডাঙৰ সমস্যা বুলি তেওঁ প্ৰকাশ কৰি সকলোকে পৰ্যাবৰণ ৰক্ষাৰ ক্ষেত্ৰত আত্মনিয়োগ হ'বলৈ আহ্বান জনায় । আজি দিনৰ ১১-৪৫ বজাৰ পৰা অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ।

মামণি ভট্টাচাৰ্যই পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানৰ আৰম্ভণিতে স্মৃতি তৰ্পণৰ এক অনুষ্ঠানো ৰূপায়িত হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে গ্ৰন্থকেইখনৰ লেখক চন্দ্ৰমোহন কাকতিৰ পুত্ৰ জ্যোতিৰ্ময় কাকতি,বোৱাৰী নৱনীতা কাকতি,ডাঃ পৰিস্মিতা কাকতিয়ে।

ড০ ত্ৰিবেণী শইকীয়াই আঁত ধৰা এই অনুষ্ঠানটিতে প্ৰাক্তন উপায়ুক্ত, বিশিষ্ট লেখক চন্দ্ৰমোহন কাকতিৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । উন্মোচিত গ্ৰন্থ কেইখন হৈছে 'শৰাইঘটীয়াৰ মামৰে ধৰা হেংদাং','অবিৰত যাত্ৰা', 'Magnificent Assam my people my country' আৰু 'The Quest' ।

ইয়াৰে অসমীয়া প্ৰবন্ধ সংকলন দুটি প্ৰাক্তন মন্ত্ৰী,লেখক গুনীন হাজৰিকাই উন্মোচন কৰাৰ বিপৰীতে আন দুখন ইংৰাজী সাহিত্য উন্মোচন কৰে বুৰঞ্জীবিদ ড৹ ৰাজেন শইকীয়াই। সভাৰ আন গৰাকী গ্ৰন্থ উন্মোচক তথা প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাই উন্মোচকৰ ভাষণত লেখক চন্দ্ৰমোহন কাকতিৰ কৰ্মস্পৃহাৰ শলাগ লোৱাৰ লগতে তেওঁৰ জড়তা আৰু স্থবিৰতা নাই বুলি উল্লেখ কৰি গ্ৰন্থ কেইখন গৱেষণাৰ সমল হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল কুমাৰ হাজৰিকাই উদ্বোধনী ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত ড০ হাজৰিকাই কয় - 'আমি এখন সমাজত বাস কৰো। সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে। চন্দ্ৰমোহন কাকতিৰ গ্ৰন্থত এই দায়বদ্ধতা প্ৰকাশ পাইছে। তেওঁ গ্ৰন্থত বিষয়সমূহৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ তুলি ধৰিছে।'

তেওঁ কয় -'গ্ৰন্থ অধ্যয়নে মনৰ মাজত পলস পেলায়। এসময়ত ১০খন কিতাপ পঢ়ি তথ্য সংগ্ৰহ কৰিব লাগে; কিন্তু বৰ্তমান ডিজিটেল পদ্ধতিত তাৎক্ষনিকভাৱে তথ্য পোৱা যায়। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে জ্ঞানৰে সমৃদ্ধ হোৱা যায়। গ্ৰন্থ অধ্যয়ন নকৰিলে জ্ঞানৰ শিপাডাল গভীৰ নহয়।'

সভাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, সাহিত্যিক ৰতি মোহন নাথ, বিশিষ্ট শিক্ষাবিদ, কবি ড০ শৰৎ বৰকটকী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দিলীপ কুমাৰ কাকতি, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰেন্দ্ৰ নাথ বৰা, জয় গোস্বামী, মহদা চন্দ্ৰ হাজৰিকা, বিশিষ্ট কবি ডা০ প্ৰয়াগ শইকীয়া আদি উপস্থিত থাকে । হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ ঘনকান্ত শইকীয়াই কৃতজ্ঞতাৰ শৰাই আগবঢ়ায়।

উল্লেখযোগ্য যে গ্ৰন্থকেইখন হৰ্ণবিল প্লাবিচিং হাউচৰ হৈ অমৰজিৎ বৰাই প্ৰকাশ কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত নগাঁৱৰ বৌদ্ধিক পৰিমণ্ডলৰ বহু কেইগৰাকী পৰিচিত ব্যক্তি উপস্থিত থাকে ।

প্ৰাক্তন উপায়ুক্ত-লেখক চন্দ্ৰমোহন কাকতিৰ ৪খন গ্ৰন্থ উন্মোচন
নগাঁৱত কোচ-ৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in