গছপুলি ৰোপণৰ নামত নামৰূপত ব্যাপক উচ্ছেদঃধাৰাবাহিক আন্দোলনৰ হুংকাৰ জাতীয় পৰিষদৰ

গছপুলি ৰোপণৰ নামত নামৰূপত ব্যাপক উচ্ছেদঃধাৰাবাহিক আন্দোলনৰ হুংকাৰ জাতীয় পৰিষদৰ

author-image
Asomiya Pratidin
New Update
গছপুলি ৰোপণৰ নামত নামৰূপত ব্যাপক উচ্ছেদঃধাৰাবাহিক আন্দোলনৰ হুংকাৰ জাতীয় পৰিষদৰ

ডিজিটেল সংবাদ, নামৰূপঃ অমৃত বৃক্ষ আন্দোলনৰ  অংশ হিচাপে ৰাজ্য চৰকাৰে পৰিৱেশ সংৰক্ষণ তথা জলবায়ু পৰিবৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ এক কোটি  গছ পুলি ৰোপণৰ  লক্ষ্য নিৰ্ধাৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনেও  ইয়াৰ লগত সংগতি ৰাখি ১৫ছেপ্টেম্বৰত এঘণ্টাৰ ভিতৰত ৩ লাখ ৫০ হেজাৰ গছপুলি ৰোপণৰ অভিলেখ সৃষ্টিৰ লক্ষ্যৰে  আগবাঢ়িছে।

Advertisment

নাহৰকটিয়া সমষ্টিৰ অন্তৰ্গত  নামৰূপৰ কছাৰী পথাৰ পঞ্চায়তৰ   অভয়পুৰ অঞ্চলত ২৫ একৰ মাটিত ইয়াৰ বাবে অভিযান অব্যাহত ৰাখিছে। উক্ত দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকিব গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধি।   ইয়াৰ বাবে  দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই  দাঁতিতে থকা  উক্ত ভূমিখণ্ডত দিনে  নিশাই শ শ শ্ৰমিক কৰ্মত নিয়োজিত হৈ প্ৰস্তুতি চলাই থকা সময়তে  অসম জাতীয় পৰিষদে এই কৃষিভূমি, চাহ বাগিচা, বাঁহ গছ কাটি খিলঞ্জীয়া মানুহক হাৰাশাস্তি  কৰাৰ অভিযোগ উত্থাপন কৰে।

আজাপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনির্বাহক শুভকৰণ  কোঁহাইকে মুখ্য কৰি  নাহৰকটিয়া সমষ্টি সমিতিৰ সভাপতি ৰঞ্জিত নিৰ্মালীয়া, সমাজ কৰ্মী জিকিৰ হুছেইন বৰা  উক্ত স্থানত উপস্থিত হৈ  জিলা প্ৰশাসনে উচ্ছেদ কৰা   খেতি বাটি ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰি  জীৱন-জীৱিকা চলাই অহা অভয়পুৰৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে। খিলঞ্জীয়ক  শোষণৰ নামত চৰকাৰৰ এনেধৰণৰ নীতি পৰিহাৰ কৰিবলৈ অজাপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শুভাকৰণ কোহাইয়ে আহ্বান জনায়। 

ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত অজাপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শুভাকৰণ কোহাঞিয়ে কয় যে, অমৃত বৃক্ষ আন্দোলনৰ নামত  অসমত  ডাঙৰ নাটক হৈ আছে । এই আন্দোলনৰ অচিলাৰে ভূমি কুক্ষিগত কৰা হৈছে।  আজাপৰ কেন্দ্ৰীয় বিষয়ববীয়া গৰাকীয়ে লগতে কয় যে,  এইদৰে ভূমি  কেনেকৈ মন্ত্ৰী পত্নী বা বিধায়কে  ল'ব পাৰে তাৰহে কৌশল ৰচনা কৰা হৈছে। বছৰ বছৰ ধৰি চিলিং মাটিত  খেতি-বাতি,  ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰি জীৱন-জীৱিকা চলাই থকা লোকক আগতীয়া কোনো জাননী নিদিয়াকৈ হঠাতে কালি উচ্ছেদ চলোৱাটো কিমান গ্ৰহণযোগ্য বুলি প্ৰশ্ন উত্থাপন কৰে শুভাকৰণ কোহাঞিয়ে। 

লগতে চৰকাৰখনে খিলঞ্জীয়া মানুহৰ ওপৰত হিটলাৰী শাসন চলাইছে বুলি কটাক্ষ কৰি এই মাটিৰ পৰা খিলঞ্জীয়াক খেদি   বনজ সম্পদ, কয়লা আদি আহৰণৰ বাবে ব্যৱহাৰ হ'ব পাৰে বুলি সন্দেহ প্রকাশ কৰিছে বুলিও কয় অজাপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য গৰাকীয়ে । ইয়াৰ উপৰি গছ ৰোপণৰ বাবে এই অঞ্চলৰ কাষৰে হাপজান বাগিচাই দখল কৰি ৰখা ৪০ বিঘা মাটিত এই পদক্ষেপৰ বাবে  ল'ব পাৰিলে হয় বুলি উল্লেখ কৰি তেওঁ কয় যে, উচ্ছেদৰ নামত ৰাজহুৱা শ্মশানো বাদ পৰা নাই।

আনহাতে জয়পুৰ ব্লক কংগ্ৰেছৰ এটি সঁজাতী দলে  মঙ্গলবাৰে অভয়পুৰ অঞ্চলত উপস্থিত হয়। জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰিখেশ্বৰ ৱাংচুৱে সংবাদ মাধ্যমৰ আগত পৰিৱেশ আৰু বন বৃক্ষ ৰোপণৰ নামত খিলঞ্জীয়া মানুহক বৈষম্যমূলকভাৱে উচ্ছেদ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে,  বহু বছৰ ধৰি অভয়পুৰ এলেকাৰ গ্ৰেজিং, চিলিং মাটিত খেতি-বাতি, ক্ষুদ্র চাহ বাগিচা স্থাপন কৰি জীৱন নিৰ্বাহ কৰে খিলঞ্জীয়া লোক সকলক  অসহায়, নিৰাপত্তাহীন কৰি তুলিছে। 

আনহাতে এই প্রচণ্ড খৰাঙত ছেপ্টেম্বৰ মাহত দুফুট ব্যৱধানত গছ পুলি ৰোপণ কৰি   কিমান ফলপ্ৰসূ হ'ব সেইয়া সকলোৰে অনুমেয় বুলি উল্লেখ কৰি  এই পুলি সমূহৰ প্ৰতিপালনক লৈ ও প্ৰশ্ন তুলিছে  ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়।  আনহাতে উচ্ছদৰ নামত শাসক আৰু বিৰোধী  ভাগ কৰি বৈষম্য মূলক ভাৱে উচ্ছেদ কৰাৰো অভিযোগ উত্থাপিত কৰিছে জয়পুৰ ব্লক কংগ্ৰেছে।

Also Read: উৎকট গৰমে দহিছে ৰাজ্যঃ শৰতকালৰ সন্মুখত নাই শীতলতা

AJP