আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাকাৰ্চ ইউনিয়নৰ ১২ ঘন্টীয়া প্ৰতিবাদী কৰ্মবিৰতি কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাকাৰ্চ ইউনিয়নৰ ১২ ঘন্টীয়া প্ৰতিবাদী কৰ্মবিৰতি কাৰ্য্যসূচী

ডিজিটেল সংবাদ ,ধেমাজি : আসাম ষ্টেট আউটচ'ৰ্চ পাৱাৰ ৱাকাৰ্চ ইউনিয়নৰ ১২ ঘন্টীয়া প্ৰতিবাদী কৰ্মবিৰতি কাৰ্য্যসূচী। বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা ,অসম চৰকাৰে ঘোষনা কৰা শক্তি খণ্ডৰ ৫০০০ খালি পদত অস্থায়ী কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা ,কোনো ধৰনৰ বাছনি পৰীক্ষা নোলোৱাকৈ ভেৰিফিকেচনৰ মাধ্যমেৰে অস্থায়ী কৰ্মচাৰীৰ নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা আদি প্ৰচলিত শ্ৰম আইন অনুসৰি পাবলগীয়া সা-সুবিধা অস্থায়ী কৰ্মীসকলক দিয়া ব্যৱস্থাৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজাৰলৈকে ১২ ঘন্টা সময় ধৰি ধেমাজি শক্তি বিতৰন কোম্পানীৰ লিমিটেডৰ উপ- সমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত উপ- মণ্ডলৰ অধীনৰ প্ৰায় ৪০ গৰাকী অস্থায়ী কৰ্মচাৰীয়ে প্ৰতিবাদী কৰ্মবিৰতি পালন কৰে ৷

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰীকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ সমবেত প্ৰতিবাদকাৰী সকলে দাবী কৰা পিছতো চৰকাৰে যদি কোনো গুৰুত্ব প্ৰদান নকৰি গা এৰা মনোভাৱ স্থিতিগ্ৰহন কৰে তেন্তে আগন্তুক দিনত শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰী সকলে আৰু অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি সংঙ্কাৰ দিয়ে ৷

শেষত ধেমাজি শক্তি বিতৰন কোম্পানীৰ লিমিটেডৰ উপ- সমণ্ডল বিষয়াৰ জৰিয়তে উদ্ধৰ্তম কৰ্তৃপক্ষলৈ ইউনিয়নৰ ১১ দফীয়া এখনি স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷

Also Read: প্ৰাকৃতিকভাবে মঙলদৈত সৃষ্টি হ'ল এখন ফুলনি

protest