প্ৰাকৃতিকভাবে মঙলদৈত সৃষ্টি হ'ল এখন ফুলনি

এয়া কাশ্মীৰৰ গোলমাৰ্গ নহয়,এয়া অসমৰ শাকতোলা পথাৰ
প্ৰাকৃতিকভাবে মঙলদৈত সৃষ্টি হ'ল এখন ফুলনি

ডিজিটেল সংবাদ,মঙলদৈঃ কোনো দিনে নেদেখা অচিনাকী বেঙুণীয়া ফুলৰ তৃণ এবিধে আৱৰি ধৰিলে পথাৰ। চাৰিওফালে কেৱল বেঙুণীয়া।

মঙলদৈ পিপৰাদোকানৰ শাকতোলা নৈ পাৰৰ পথাৰ বেঙুনীয়া হৈ পৰিল। বহু লোক আহি উপভোগ কৰিছে বেঙুনীয়া সৌন্দৰ্য। পথচাৰীয়ে ফটো তুলিছে আৰু তুলিছে চেল্ফি। কোনোৱে আনন্দতে উপমা দিছে এয়া কাশ্মীৰৰ গোলমাৰ্গ নহয়,এয়া অসমৰ শাকতোলা পথাৰ।

বিগত বৰ্ষত বৃহত্তৰ অঞ্চলটি লগতে প্ৰলয়ংকাৰী বানে মাহ দিন ডুবাই ৰাখিছিল এই খন পথাৰ। বহু লোকে ক'ব খোজে বানত উটি আহি গজিল এই বেঙুনীয়া ফুলৰ তৃণ। মুঠৰ ওপৰত এক মনোমোহা পৰিবেশে বিৰাজ কৰিছে পথাৰখনত।

প্ৰাকৃতিকভাবে মঙলদৈত সৃষ্টি হ'ল এখন ফুলনি
অৱসৰপ্ৰাপ্ত কাৰাগাৰ কৰ্মচাৰীক কাৰাদণ্ড

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in