/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8247ffd4-7ff9-4d11-ba2f-f92a6db42418/bike_rally.jpg)
প্ৰতিদিন সংবাদ, মিৰ্জাঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ দাবীত বৃহস্পতিবাৰে কামৰূপ আৰু গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
এই উপলক্ষে আজি গোৱালপাৰাৰ জয়ৰাম কুছিৰ পৰা ৰাণীলৈ প্ৰায় ২০০ কিলোমিটাৰ জোৰা এটি প্ৰতিবাদী বাইক ৰেলী উলিওৱা হয় । এই প্ৰতিবাদী বাইক ৰেলীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।
এই বাইক ৰেলীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা হায় হায়, উই ৱাণ্ট চিক্স চিডিইউল, নো চিক্স চিডিইল নো ৰেষ্ট, ষষ্ঠ অনুসূচী আমাক লাগিবই আদি বিভিন্ন শ্লোগান দিয়ে ।
বিজেপি চৰকাৰক প্ৰতিবাদকাৰী সকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । ৰাভা জাতিৰ সৈতে চূড়ান্ত বিশ্বাস ঘাটক কৰা এই বিজেপি চৰকাৰে পৰিণাম ভূগিব লাগিব বুলিও প্ৰতিবাদকাৰীসকলে সকিয়নি প্ৰদান কৰে । আজি ৰাভা জাতীয় লোকসকলে পোষ্টাৰ বেনাৰ সহিতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই প্ৰতিবাদৰ ৰাণীত সামৰণি মাৰে ।
প্ৰতিবাদকাৰীসকলে লগতে কয় ৰাভা সকল এটা বৈশিষ্টপূৰ্ণ আৰু ইতিহাস প্ৰসিদ্ধ জাতি হিচাপে জীয়াই আছে । ৰাভা হাছংত বসবাস কৰা প্ৰতিটো জাতিজনগোষ্ঠীৰ লগতে অঞ্চলৰ সাংবিধানিক সুৰক্ষাৰ বাবে আজিৰ এই যাত্ৰা বুলি কয় ।
এই যাত্ৰাক বিজেপি চৰকাৰে বুজি পোৱাৰ সময় সমাগত অন্যথা সহজ সৰল আৰু শান্তিকামী ৰাভা ৰাইজ হাত সাৱতি বহি নাথাকে এয়া এক স্পষ্ট বাৰ্তা বুলি কয় ।
Also Read: অসম-অৰুণাচল সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে আলফা (স্বাঃ), এন এছ চি এনৰ গতিবিধি!