বাট-পথ নিৰ্মাণ আৰু খোৱা পানী বিচাৰি অতুল বৰাৰ সমষ্টিত প্ৰতিবাদ ৰাইজৰ...

বাট-পথ নিৰ্মাণ আৰু খোৱা পানী বিচাৰি অতুল বৰাৰ সমষ্টিত প্ৰতিবাদ ৰাইজৰ...
বাট-পথ নিৰ্মাণ আৰু খোৱা পানী বিচাৰি অতুল বৰাৰ সমষ্টিত প্ৰতিবাদ ৰাইজৰ...

ডিজিটেল সংবাদ বোকাখাতঃ বিধস্ত বাট-পথ নিৰ্মাণৰ লগতে বিশুদ্ধ খোৱাপানী বিচাৰি বোকাখাতৰ কানুটিকাত ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অভিযোগ অনুসৰি -বোকাখাতৰ ম'হমাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কানুটিকা,দফলা দ' বৰটিকা আৰু কাকতি চুকৰ ৰাইজে বিধস্ত বাট-পথৰ লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱত দীৰ্ঘদিনৰ পৰা ভূগী আহিছে যমৰ যান্ত্ৰণা।

নাহৰজান পকী পথৰ পৰা কানুটিকা, কাকতি চুক, বৰটিকা সংযোগী প্ৰায় ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মূলপথটোৰ বিধস্ত অৱস্থাৰ বাবে দীৰ্ঘদিনৰ পৰাই নানান সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোত বসবাস কৰা ৫০০ ৰো অধিক পৰিয়াল। বাৰিষা আহিলেই বোকাময় হৈ পৰা বিধস্ত পথটোৰ বাবে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জৰুৰীকালীন সময়ত এম্বুলেঞ্চ আদিও পাৰাপাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় পথছোৱাত।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে পথটোৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল বোকাখাতৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। কিন্তু কাৰ্যকালৰ সাতটাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

এই লৈ দেওঁবাৰে অঞ্চলটোৰ ৰাইজে ৰাজহুৱা সভা আয়োজনৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। লগতে প্ৰতিবাদস্থলীৰ পৰাই শীঘ্ৰেই পথটোৰ নিৰ্মাণৰ বাবে মন্ত্ৰী অতুল বৰালৈ দাবী জনালে প্ৰতিবাদী ৰাইজে।

বাট-পথ নিৰ্মাণ আৰু খোৱা পানী বিচাৰি অতুল বৰাৰ সমষ্টিত প্ৰতিবাদ ৰাইজৰ...
কৃত্ৰিম বানৰ কৱলত তামুলপুৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in