মঙলদৈত বৰ্দ্ধিত পৌৰ কৰৰ বিৰুদ্ধে প্ৰতিবাদ..

বৰ্ধিত কৰয়ে জনসাধাৰণক জুৰুলা কৰি পেলোৱাৰ পৰিপ্ৰক্ষিতত ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচীয়ে গা কৰি উঠিছে

author-image
Asomiya Pratidin
New Update
মঙলদৈত বৰ্দ্ধিত পৌৰ কৰৰ বিৰুদ্ধে প্ৰতিবাদ..

ডিজিটেল সংবাদ, মঙলদৈ: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে প্ৰতিবিধ সামগ্ৰীৰ কৰ। বৰ্ধিত কৰয়ে জনসাধাৰণক জুৰুলা কৰি পেলোৱাৰ পৰিপ্ৰক্ষিতত ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচীয়ে গা কৰি উঠিছে। আৰু তেনে এক প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল মঙলদৈত।

Advertisment

বৃদ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈ ওলাই আহিল মঙলদৈৰ সাধাৰণ ৰাইজ। সোমবাৰে মঙলদৈৰ নাগৰিক সমাজে মঙলদৈৰ সনাতন ধৰ্ম সভাৰ একত্ৰিত হৈ পৌৰ সভাৰ কাৰ্যালয়লৈ আহি স্মাৰক পত্ৰ প্ৰদান কৰিব বিচাৰে যদিও প্ৰশাসনে বাধা প্ৰদান কৰে। পিছে প্ৰতিবাদকাৰীৰ স্পষ্ট মত, বৰ্ধিত কৰ পৰিশোধ নকৰে মঙলদৈৰ ৰাইজে। মঙলদৈ পৌৰসভাৰ পৌৰ নাগৰিক সকলে কয় যে, এয়া ৰাইজক জাপি দিয়া বোজা।

প্ৰতিবাদী ৰাইজক আধা বাটতে বাধা দিয়ে আৰক্ষীয়ে। জাতি, মাটি ভেটিৰ সুৰক্ষাৰ সপোন দেখুৱাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাইজৰ প্ৰতিবাদ ৰোধ কৰিবলৈ বিচাৰিছে বুলি মন্তব্য কৰে মঙলদৈ পৌৰ নাগৰিকে। কৰ কমাই নিদিয়া পৰ্যন্ত ক্ষান্ত নাথাকিব বুলিও মত প্ৰকাশ কৰে মঙলদৈৰ পৌৰ সভা এলেকাৰ বাসিন্দাই। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰীয়ে বিষয়টোৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি মঙলদৈ পৌৰ সভাৰ পৌৰপতিক এখনি স্মাৰক প্ৰত্ৰ প্ৰদান মঙলদৈৰ ৰাইজে।

Also Read: কাইলৈৰ পৰা যাত্ৰা আৰম্ভ হ'ব “ভাৰত গৌৰৱ” ৰে’লৰ..

ASSAM GOVERNMENT