বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বৃদ্ধি পোৱা বিদ্যুতৰ মাচুল সন্দৰ্ভত সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰতি ইউনিটত বিদ্যুতত ১.২৯ টকা পৰ্যন্ত বৰ্দ্ধিত মাচুলৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদত নামিছে জনতা। দৈনিক মাচুল বৃদ্ধিৰ বিপৰীতে কিন্তু এতিয়াও নিয়মীয়া হোৱা নাই বিদ্যুৎ যোগান। ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ক্ষমতালৈ অহা চৰকাৰৰ অমৃত কালত অনিয়মীয়া বিদ্যুৎ যোগান আৰু দৈনিক বৃদ্ধি পোৱা মাচুলৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত হোৱা প্ৰতিবাদ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সবিশেষ বাতৰি...

চিচিবৰগাঁৱত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

অসম চৰকাৰৰ শক্তি বিভাগে দৈনিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি মধ্যবিত্ত সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই আহিছে। দৈনিক অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিপৰীতে কিন্তু বিদ্যুৎ নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শক্তি বিভাগে । শাসকীয় দলটোৱে নিৰ্বাচনৰ আগত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এতিয়া প্ৰতিদিনে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। দৈনিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে দুপৰীয়া ১২ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সদস্যসকলে চিচিবৰগাঁও চাৰিআলিৰ মাজমজিয়াত শক্তিমন্ত্ৰী নন্দিতা গাৰলোচাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অচিৰেই বিদ্যুৎ মাচুল হ্ৰাস নকৰিলে অনাগত দিনত তীব্র আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি সংবাদ মাধ্যমৰ আগত সকীয়াই দিছে সংগঠনটোৰ জিলা যুটীয়া সম্পাদক তপন শইকীয়াই ।

User

বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত পাঠশালাত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

মঙলবাৰে পাছশালাৰ ৰাজপথাত অত্যাবশ্যকীয় সামগ্ৰী আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যু্ৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিয়ে। বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত "অসম চৰকাৰ হায় হায়", "শক্তি মন্ত্ৰী মুৰ্দাবাদ" আদি চৰকাৰ বিৰোদী শ্লোগানাৰে পাঠশালাৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

User
বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল ৰাজ্যৰ ৰাজপথ
মঙলদৈত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in