Advertisment

মঙলদৈত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে বুধবাৰে দাহ কৰে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা প্ৰতিমূৰ্তি।

author-image
Asomiya Pratidin
New Update
মঙলদৈত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে বুধবাৰে দাহ কৰে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি। যি সময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমত আন্দোলন বৰ্জিত পৰিৱেশ বিচাৰিছিল তেনে সময়তে ৰাইজ প্ৰতিবাদমুখৰ হ’বলৈ বাধ্য হৈছে ৷ দৈনিক বৃদ্ধি পাই অহা বিদ্যুৎ মাচুলে জুৰুলা কৰিছে জনতাক।

Advertisment

এই কাৰ্যসূচীৰ জৰিয়তে বৰ্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰিবলৈ দাবী জনাই যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে। মঙলদৈ চহৰৰ মাজমজিয়াত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি অসম চৰকাৰ হায়-হায়, শক্তি মন্ত্ৰী গ বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা কমৰুল হক, উপ-সভাপতি ভবেশ কাকতি, জিলা সভাপতি সম্পাদকৰ লগতে অৰ্ধ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Also Read: ৰংজুলিত অংগনবাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

GOVT OF ASSAM apdcl NANDITA GARLOSA