উপায়ুক্ত বৰ্ণালী ডেকাৰ অপকৰ্মৰ প্ৰতিবাদত কৰ্মচাৰীৰ পেনডাউন কাৰ্যসূচী ৰূপায়ণ...

উপায়ুক্ত বৰ্ণালী ডেকাৰ অপকৰ্মৰ প্ৰতিবাদত কৰ্মচাৰীৰ পেনডাউন কাৰ্যসূচী ৰূপায়ণ...
উপায়ুক্ত বৰ্ণালী ডেকাৰ অপকৰ্মৰ প্ৰতিবাদত কৰ্মচাৰীৰ পেনডাউন কাৰ্যসূচী ৰূপায়ণ...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক লৈ কোকৰাঝাৰত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ উক্ত ঘটনাৰ প্ৰতিবাদত আজি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত পেনডাউন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

জিলা উপায়ুক্ত চৌহদত ৰূপায়িত হোৱা উক্ত পেনডাউন কাৰ্যসূচীত জিলা উপায়ুক্ত কাৰ্যালৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে অংশ লৈ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতে ৰূপায়িত হোৱা উক্ত পেনডাউন কাৰ্যসূচীৰ ফলত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কামকাজ স্তব্ধ হৈ পৰে আৰু যাৰ পৰিণতিত উপায়ুক্তৰ কাৰ্যালয়লৈ বিভিন্ন কাম-কাজৰ বাবে অহা সাধাৰণে ব্যাপক অসুবিধাৰ সন্মুখীন হয় ।

ইপিনে ৰহস্যজনকভাৱে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি সঞ্জয় দেবৰয় আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ইপিনে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগনত প্ৰহাৰৰ বলি হোৱা দীপক দাসৰ কন্যা উপস্থিত হৈ জিলা উপায়ুক্তক নিলম্বন বা বদলিৰ দাবী উত্থাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে উভয় পক্ষৰ মাজত কোনোধৰণৰ বুজাবুজি হোৱা নাই বুলি উল্লেখ কৰি দীপক দাসৰ কন্যাগৰাকীয়ে কয় যে, অহা তিনিদিনৰ ভিতৰত ন্যায় প্ৰদান নকৰিলে ন্যায় নোপোৱালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়তে আমৰণ অনশন কৰাৰ হুংকাৰ প্ৰদান কৰে ।

তেওঁ জিলা উপায়ুক্তক কোনো কাৰণতে ক্ষমা কৰা নাই বুলি মন্তব্য কৰি ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি কাতৰ আহ্বান জনাইছে । তদুপৰি জিলা উপায়ুক্তই দুৰ্ষ্কৃতিকাৰী লগাই তেওঁলোকৰ ক্ষতি কৰিব পাৰে বুলি আশাংকা ব্যক্ত কৰিছে দীপক দাসৰ কন্যাই ।

উপায়ুক্ত বৰ্ণালী ডেকাৰ অপকৰ্মৰ প্ৰতিবাদত কৰ্মচাৰীৰ পেনডাউন কাৰ্যসূচী ৰূপায়ণ...
ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কুষ্ঠৰোগ সজাগতা অভিযান সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in