/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e1ec1aea-9704-4f9b-94bd-9638ba3fa6c6/dhemaji_30.jpg)
ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কুষ্ঠৰোগ সজাগতা অভিযান সভা সম্পন্ন...
ডিজিটেল সংবাদ ধেমাজিঃ মহা মানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ধেমাজি জিলা কুষ্ঠৰোগ নিবাৰণী কোষৰ সহযোগত ধেমাজি তিনি আলিস্থিত স্বাস্থ্য ভৱনত স্পৰ্শ কুষ্ঠৰোগ সজাগতা অভিযানৰ এখনি সভা অনুষ্ঠিত হয় ৷ ইয়াৰ আগে পুৱা ১০ বজাত নগৰখনত স্বাস্থ্য কৰ্মীসকলে এখনি সজাগতা সমদল বাহিৰ কৰে ৷
পুৱা ১১ বজাত ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈৰ পৰিচালনাত অনুষ্ঠিত হোৱা সজাগতা সভাখনিৰ আৰম্ভণিতে ধেমাজি কুষ্ঠৰোগ নিবাৰণী কোষৰ নডেল বিষয়া ডাঃ কৰবী গোহাঁই গগৈয়ে আদৰণি ভাষন আগবঢ়ায়। ইয়াৰ পিছতেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি মহকুমাৰ স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে৷
উদ্দেশ্য ব্যাখ্যাত মহকুমাৰ স্বাস্থ্য বিষয়াগৰাকীয়ে ২০১৭ চনৰ পৰাই এই কুষ্ঠৰোগ দিৱস হিচাপে পালন কৰি আহিছে বুলি উল্লেখ কৰি, এই ৰোগ নিৰাময়ৰ বাবে চৰকাৰে বিভিন্ন সময়ত লোৱা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ অৱগত কৰে ৷ সজাগতা সভাত উপস্থিত থাকি কুষ্ঠৰোগ নিৰাময়ৰ বাবে চৰকাৰ তথা চিকিৎসা বিভাগে আগবঢ়োৱা পদক্ষেপসমূহৰ জৰিয়তে কুষ্ঠৰোগ নিৰ্মল কৰিব পাৰি বুলি উল্লেখ কৰি এই ৰোগ সময়মতে সকলোৱে চিকিৎসা কৰাৰ প্ৰয়োজনীয় সম্পৰ্কে বক্তব্য প্ৰদান কৰে ধেমাজি সহকাৰী আয়ুক্ত টিলিনা টাইডে।
অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা স্বাস্থ্য ও পৰিয়াল কল্যান বিভাগৰ অতিৰিক্ত স্বাস্থ্য বিষয়া ডাঃ জে. এম প্ৰসাদ, জিলা প্ৰতিষেধক বিষয়া পূন্য দেউৰী,ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ধেমাজি জিলা প্ৰকল্প পৰিচালক এঞ্জেলিনা চাংমাই, ধেমাজি শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া প্ৰশান্ত বৰা, ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিনোদ বৰা, ধেমাজি নগৰ স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ লক্ষ্য সন্দিকৈ, ধেমাজি খণ্ড স্বাস্থ্যৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দিব্য শৰ্মা আদি ৷
সজাগতা সভাত জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়া,নাৰ্চ,কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। সজাগতা সভাখনেতেই ইতিমধ্যে আৰোগ্য হোৱা দুগৰাকী কুষ্ঠৰোগীক স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সহকাৰী আয়ুক্তয়ে সম্বধৰ্না জনায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0230817e-0325-413c-be5c-9b7ea5683fe1/be2f5b55_e9cb_403c_a50e_16e042104526.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d61c967b-56e5-44d5-923d-bf5330ef3185/665fcd98_16c5_4b18_845c_341d348164dc.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8e45fd08-4b54-4edb-a5cc-997e0f343cea/05a32c28_3bf2_4a81_a8b2_34f734e57422.jpg)
Also Read: সত্ৰীয়া সংস্কৃতিৰ সেৱক, সমাজকৰ্মী গোপেশ্বৰ বৰাৰ মৃত্যত শোক...