আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰা কাৰ্য্যৰ প্ৰতিবাদ গণনাট্য সংঘৰ...

author-image
Asomiya Pratidin
New Update
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰা কাৰ্য্যৰ প্ৰতিবাদ গণনাট্য সংঘৰ...

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ১৯৯৭ চনৰ পৰা দৈনিক সন্ধিয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সম্প্ৰচাৰ কৰি অহা অসমীয়া বাতৰি এতিয়াৰ পৰা আৰু শুনিবলৈ পোৱা নেযাব। কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে গ্ৰহণ কৰা এক সিদ্ধান্ত মৰ্মে প্ৰসাৰ ভাৰতীৰ সঞ্চালকে যোৱা ২১/১০/২০২২ তাৰিখে চিঠি নং ১৩/(২) আৰ এন ইউ-২১ যোগে এই আদেশ দিয়ে।ফলত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বাতৰি সম্প্ৰচাৰ বন্ধ হৈ পৰাটো নিশ্চিত হৈ পৰিল। যি শাসনাধিষ্ট বি জে পি চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা কৈয়ে ক্ষমতালৈ আহিছিল আৰু সততে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কথাকে নেতা সকলৰ সকলোৱে আওৰাই থাকে,তেনে স্থলত আকাশবাণীৰ যোগে সম্প্ৰচাৰিত হৈ অহা অসমীয়া বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰি দিয়া সিদ্ধান্ত অত্যন্ত হঠকাৰী সিদ্ধান্ত আৰু অচিৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। সংবাদ মাধ্যমৰ যোগে এই দাবী উত্থাপন কৰিছে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি শৰৎচন্দ্ৰ নেওগ, ৰাজ্যিক সমিতিৰ অন্যতম আহ্বায়ক সোণেশ্বৰ নৰহ আৰু সংঘৰ ডিব্ৰুগড় জিলাৰ সভাপতি আৰু সম্পাদক ক্ৰমে আৰিফা বেগম আৰু শৈলেন বুঢ়াগোহাঁইয়ে।

Advertisment

বিবৃতিটোৰ যোগে সংঘৰ বিষয়ববীয়া কেইজনে উল্লেখ কৰে যে,কেৱল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নহয়,ডিব্ৰুগড়ত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰটো স্থাপন কৰাৰ দিন ধৰি আজিলৈকে সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত হৈ মুকলিমুৰীয়া ভাৱে কাৰ্য্যসূচী আদি সম্প্ৰচাৰ কৰি নেপালে।ফলত সীমিত সা-সুবিধা, সীমিত ক্ষমতাকে লৈ কেন্দ্ৰটো নামতহে চলি আছে মাত্ৰ। বিশেষকৈ এই কেন্দ্ৰটোৰ পৰা অধিক সময় ব্যৱহাৰ কৰা হয় কেৱল ৰীলে কৰাৰ বাবেহে। স্থানীয় ৰাইজে ইয়াক অধিক ক্ষমতা প্ৰদানৰ দাবী সংশ্লিষ্ট উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰি আহিছিল যদিও কোনো কাৰ্যব্যৱস্থা আজিলৈকে হাতত লোৱা দেখা নগল।বৰঞ্চ ওলোটাই সেই একে প্ৰচাৰ মন্ত্ৰালয়ে একে প্ৰসাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটোৰো অঙ্গক্ষতহে কৰিবলৈ সিদ্ধান্ত ললে। কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে জাতি মাটি ভেটিৰ কথা কৈ ৰাজ্যৰ ক্ষমতালৈ অহা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা নিৰ্লিপ্ততাকো তীব্ৰ ভাষাৰে নিন্দা কৰিছে গণনাট্য সংঘৰ ৰাজ্যিক আৰু জিলা নেতৃত্বই।

বিবৃতিটোত তেখেত সকলে এই কথাও সদৰি কৰে যে, কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ বহু দিনৰ পৰাই চক্ৰান্ত কৰি আহিছিল আৰু তাৰ ফলশ্ৰুতিত বৰ্তমান বাতৰি বিভাগৰ স্থায়ী মূৰব্বী বা সম্পাদক পদৰ লগতে দুটাকৈ সম্পাদক পদত আৰু সংবাদদাতাৰ পদো কেন্দ্ৰীয় তথ্য আৰু অনাতাঁৰ দপ্তৰে দিল্লীলৈ ইতিমধ্যে লৈ যায়। এই কথা জানিব পাৰি যোৱা ২০২০ চনৰ ডিচেম্বৰ মাহতেই ভাৰতীয় গণনাট্য সংঘৰ ডিব্ৰুগড় জিলাৰ বিষয়ববীয়া, সদস্য সকলৰ লগতে স্থানীয় অন্যান্য শিল্পী, সাহিত্যিক সমবেত হৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল আৰু এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছিল এখন ৰাজহুৱা স্মাৰক পত্ৰ প্ৰেৰণৰ যোগে। কিন্তু কেন্দ্ৰই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। পুনৰ আজি কেন্দ্ৰীয় চৰকাৰৰ এনে জনস্বাৰ্থ বিৰোধী হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাক ধিক্কাৰ দিছে বিবৃতিটোৰ যোগে গণনাট্য সংঘৰ বিষয়ববীয়া কেইজনে।

assam dibrugarh