প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টেঙাখাতত শোভাযাত্ৰা

প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টেঙাখাতত শোভাযাত্ৰা

ডিজিটেল সংবাদ, টেঙাখাতঃ আজি অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে টেঙাখাত অঞ্চলটো আধ্যাত্মিক উলহ মালহ পৰিৱেশত এক দীঘলীয়া শোভাযাত্ৰা তথা মন্দিৰত পূজা অৰ্চনা বন্তি পজ্বলন কৰা পৰিলক্ষিত হয় ।

সোমবাৰে দিনৰ ১১ বাজি ২৯ মিনটত পানীমুদি কালি মন্দিৰ প্ৰাঙ্গনত সমবেত সহস্ৰাধিক পুৰুষ-মহিলা, কিশোৰ-কিশোৰী , শিশু সমবেত হোৱা স্থলিত টেঙাখাত ৰাধাকৃষ্ণ মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কায্যসূচীৰ পোনপতীয়া সম্প্ৰচাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হয় ।

ইয়াৰ পিছতে উল্লেখিত সহস্ৰাধিক ৰাইজে হাতে হাতে ৰাম হনুমানৰ ফটো সম্বলিত পতাকা লৈ পানীমুদীৰ পৰা ৰাজপথেৰে প্ৰায় ৭ কিলোমিটাৰ পথ জয় শ্ৰীৰাম ধ্বনি দি নাচি বাগি আনন্দোলাস কৰি টেঙাখাতৰ স্থায়ী ৰাধাকৃষ্ণ মন্দিৰত পদাৰ্পন কৰি পূজা অৰ্চনা সেৱা সৎকাৰ কৰে ।

উল্লেখ্য যে ,উক্ত শোভাযাত্ৰাত ৰাম-লক্ষ্মণ-সীতা-হনুমানৰ ভাৱত জীৱন্ত অভিনয়েৰে শোভাযাত্ৰাত অংশগ্ৰহণৰ হেতু শোভাযাত্ৰা অধিক আকৰ্ষিত হোৱাৰ লগতে শোভাযাত্ৰাৰ অন্তত ৰাধাকৃষ্ণ মন্দিৰৰ সন্মুখত তেওঁলোকক পূজা অৰ্চনা কৰি মন্দিৰৰ ভিতৰলৈ আদৰি নিয়া হয় । ইফালে সন্ধিয়া মন্দিৰ প্ৰাঙ্গনত বৃহৎ সংখ্যক বন্তি প্ৰজ্ঝলন কৰাৰ লগতে অঞ্চলটোৰ সকলো ৰাইজক ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনায় ।

প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে টেঙাখাতত শোভাযাত্ৰা
ৰামময় হৈ পৰিছে জামুগুৰিহাটৰ ৰাজপথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in