/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/055e2f69-1a4f-4270-a6e7-58297540084b/11.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰামৰ নামেৰে মুখৰিত সমগ্ৰ দেশ ৷ শ শ বছৰৰ অপেক্ষাৰ অন্তত আজি বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হয় ৷ আজি দেশৰ বাবে এক ঐতিহাসিক ক্ষণ। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা পাছতেই জামগুৰিহাটৰ ৰাজপথত বিশাল শোভাযাত্ৰা ৷
ৰামময় হৈ পৰিছে সমগ্ৰ জামুগুৰিহাট ৷ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক ৷ এই ঐতিহাসিক ক্ষণৰ মুহুৰ্ত্তত জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাট ৷ এই শোভাযাত্ৰত অংশ ল'লে বিধায়ক পদ্ম হাজৰিকাই৷
Also Read: শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ শোক প্ৰকাশ