সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ

সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ

author-image
Asomiya Pratidin
New Update
সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা আৰম্ভ

ডিজিটেল সংবাদ,যোৰহাট : অসম সাঁতোৰ সন্থাৰ সৌজন্যত আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ উদ্যোগত সদৌ অসম ভিত্তিত সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ ২০২৩ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিত সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ ২০২৩ প্ৰতিযোগিতা।

Advertisment

উদ্যোক্তাই জনোৱা অনুসৰি, ল'ৰা-ছোৱালীৰ উভয়ৰ ৬টা বয়সৰ শাখাত মুঠ ১২৪টা কাৰ্যক্ৰমত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৩শ ৫০ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে।

উক্ত প্ৰতিযোগিতাখনি শনিবাৰে পুৱা অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানটি আঁত ধৰে ছ'চাইটিৰ সহকাৰী সম্পাদিকা ড০ সেউজী বৰা নেওগে। প্ৰতিযোগিতাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়াই।

অসম সাঁতোৰ সন্থা আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ পতাকা উত্তোলনৰ পাছতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনায়। অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনা,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, আজি নিয়মীয়াকৈ কেইবাটাও কাৰ্যক্ৰম অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন দেওবাৰে সামৰণি পৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।

Also Read: মেঘালয় গড়কাপ্তানি বিভাগৰ তৎপৰতাত মুকলি হ'ল শিলচৰ-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথ

Assam State Swimming swimming