মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত বিশিষ্ট অধিবক্তা লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা

মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত বিশিষ্ট অধিবক্তা লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ সনাতন ধৰ্মসভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট অধিবক্তা, প্ৰাক্তন বিধায়ক লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা এখন শনিবাৰে মঙলদৈ সনাতন ধৰ্মসভাৰ সভাকক্ষত অনুষ্ঠিত হয়। মঙলদৈ সনাতন ধৰ্মসভাৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকাই শুভাৰম্ভণি কৰা সভাখনত ধৰ্মসভাৰ উপ সভাপতি সুনীল কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰে।

এই সভাত স্মাৰক বক্তা হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰী কৃতি শিক্ষক,বিশিষ্ট লেখক,শিক্ষাবিদ ভৱকান্ত বৰা আৰু জলজলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষক ৰজনী কান্ত বৰুৱাই। দুয়োগৰাকী বক্তাই প্ৰয়াত লক্ষ্মীকান্ত শইকীয়াৰ মঙলদৈ নিৰ্মাণত থকা অৱদানৰ কথা উল্লেখ কৰি ৰাজনীতি,সমাজসেৱক,ছাত্ৰনেতা , অধিবক্তা আদি হিচাপে তেওঁ দৰং জিলা আৰু ৰাজ্যখনলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে বিস্তৃত বাখ্যা দাঙি ধৰে।

দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকাই আঁত ধৰা এই সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক ফুলেন্দ্ৰ নাথ চহৰীয়াইও প্ৰয়াত শইকীয়াৰ ছাত্ৰ জীৱনৰ বিভিন্ন সফলতাৰ দিশ সম্পৰ্কে বক্তব্য প্ৰদান কৰে । এই সভাতে দৰং জিলাৰ আধ্যাত্মিক আৰু  বৌদ্ধিক চিন্তা চৰ্চাৰ অগ্ৰণী অনুষ্ঠান মঙলদৈ সনাতন ধৰ্মসভাৰ সদ্য প্ৰয়াত জ্যেষ্ঠ সদস্য ক্ৰমে দৰং জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী ৰানী দেৱী,পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ সোণেশ্বৰ দেৱ শৰ্ম্মা , অসম শিশু  শিক্ষা সমিতিৰ তেজপুৰ বিভাগৰ সমন্বয়ক দীনেশ চন্দ্ৰ শৰ্ম্মা , ব্ৰহ্মপুত্ৰ বৰ্ডৰ অৱসৰী অধ্যক্ষ কুলধৰ চহৰীয়া আৰু মঙলদৈ ৰাসোৎসৱ উদযাপন সমিতিৰ সম্পাদক গুণেন্দ্ৰ শৰ্ম্মাক শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ কৰা হয় ।

সভাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক মতিদেৱ শৰ্ম্মা শাস্ত্ৰী, মঙলদৈ উকীল সন্থাৰ সভাপতি হৰিৰাম চহৰীয়া, বিশিষ্ট সমাজসেৱক অতুল গোস্বামী, মঙলদৈ শংকৰদেৱ শিশু  বিদ্যা নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডাঃ খনীন্দ্ৰ কুমাৰ দত্ত, ক্ৰীড়া সংগঠক বীৰেণ চন্দ্ৰ মেধি,অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া হৰেশ্বৰ শৰ্ম্মা,যোগেন্দ্ৰ নাথ চহৰীয়া,সমুদ্ৰ কুমাৰ শৰ্ম্মা, দৰং জিলা সাহিত্য সভাৰ উপ সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্ম্মা আদি উপস্থিত থাকি অনন্য মাত্ৰা প্ৰদান কৰে।

মঙলদৈ সনাতন ধৰ্মসভাৰ উদ্যোগত বিশিষ্ট অধিবক্তা লক্ষ্মীকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা
বাংগালুৰুৰ বিস্ফোৰণ কাণ্ড : নিয়াই ৰাজহুৱা কৰিলে সন্দেহজনক দুজনৰ ফটো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in