জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাবিদ পৰেশ বৈশ্য...

জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাবিদ পৰেশ বৈশ্য...

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পিঠাগুৰি চাৰিআলিস্থিত জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি উপস্থিত হ'ল বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য। গুৱাহাটীৰ পৰেশ বৈশ্য ফাউণ্ডেচনৰ মেনেজিং ট্ৰাষ্টি তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যক আজি জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উষ্ম আদৰণি জনোৱা হয়।

উল্লেখযোগ্য যে এই পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰা এই বৰ্ষতে জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰি ভাগৱতীক শ্ৰেষ্ঠ অধ্যক্ষৰ বঁটা প্ৰদান কৰা হৈছিল।আজি বিশিষ্ট শিক্ষাবিদ গৰাকীৰ আগমনৰ পিছতে বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়।

এই সভা আৰম্ভ কৰা হয় বিদ্যালয় সংগীতেৰে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী সকলে স্বকীয় পৰম্পৰা অনুসৰি পৰেশ বৈশ্যক আৰ্দৰণি জনায়। বিদ্যালয়ৰ অধ্যক্ষ হৰি ভাগৱতীয়ে আঁত ধৰা সভাখনত পৰেশ বৈশ্য বিদ্যালয়খনৰ প্ৰশংসাত পঞ্চমুখ হয়। কম সম্পদ আৰু দূৰ্বল আন্তগাঠনি লৈয়ো থকাখিনি সম্পদৰ উৎকৃষ্ট ব্যৱহাৰৰে বিদ্যালয়খন আগবঢ়াই নিয়াত অহোপুৰুষাৰ্থ কৰি অহা বিদ্যালয় কৰ্তৃপক্ষক পৰেশ বৈশ্যই ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in