সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰা লখিমপুৰ মহাবিদ্যালয়ৰ সহঃ অধ্যাপকক আটক

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হেমন্ত শৰ্মাক আটত কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
সুৰাসক্ত হৈ শ্ৰেণীকোঠাত অসভ্য আচৰণ কৰা লখিমপুৰ মহাবিদ্যালয়ৰ সহঃ অধ্যাপকক আটক

ডিজিটেল ডেস্কঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হেমন্ত শৰ্মাক আটত কৰিছে আৰক্ষীয়ে। সুৰাসক্ত হৈ শ্ৰেণীকোঠাত পাঠদান কৰাৰ লগতে কেইবাগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল শৰ্মাৰ বিৰুদ্ধে।

Advertisment

যোৱা মঙল আৰু বুধবাৰে সুৰাসক্ত অৱস্থাত শ্ৰেণীকোঠাত প্ৰৱেশ কৰি এই দুষ্কাৰ্য কৰা বুলি সহকাৰী অধ্যাপকজনৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিমান চন্দ্ৰ চেতিয়াৰ ওচৰত ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লিখিত অভিযোগ দাখিল কৰিছিল।

কেইবাগৰাকী ছাত্ৰীয়ে শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি অধ্যক্ষ গৰাকীক জনাইছিল যে শ্ৰেণীকোঠাত সোমাই ছাত্ৰীক হাতত ধৰি অসভ্য আচৰণ কৰিছিল সহকাৰী অধ্যাপকগৰাকীয়ে।

মহাবিদ্যালয়খনৰ অধ্যক্ষই বিষয়টো মহাবিদ্যালয় পৰিচালনা সমিতিত অৱগত কৰাৰ লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰিছিল। সহকাৰী অধ্যাপকজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰো তৰিছিল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চেতিয়াই। সেই এজাহাৰৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে তেওঁক আটক কৰা হৈছে।

Also Read: মৰঙিত গোর্খা ছাত্র সন্থাৰ কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন

Assam police