মৰঙিত গোর্খা ছাত্র সন্থাৰ কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন

মৰঙিত গোর্খা ছাত্র সন্থাৰ কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
মৰঙিত গোর্খা ছাত্র সন্থাৰ কৃতি ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, নুমলীগড় : সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে মৰঙিত কৃতি ছাত্র-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন হয়। মৰঙি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ডেৰ শতাধিক কৃতি ছাত্র-ছাত্ৰীক সংগঠনটোৱে উষ্ম অভিনন্দন জনায়।

Advertisment

ছাত্ৰনেতা সঞ্জীৱ ছেত্ৰীয়ে উদ্ধোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি সৰুপথাৰ মহাবিদ্যালৰ অধ্যাপক সত্যব্ৰত দত্তই কয় যে- 'সাধনাই এজন ব্যক্তিৰ জীৱন সফল কৰে। ছাত্ৰ-ছাত্ৰী সকলেও জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে নিজৰ জীৱন গঢ়াৰ লগতে সমাজলৈকো বৰঙণি আগবঢ়াব লাগিব।'

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰিয়ংদীপ কাকতি,আগছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজা অধিকাৰী, অসম নেপালী সাহিত্য সভাৰ জিলা সম্পাদক চবিত বিষ্ট, কৃতি শিক্ষক ফৰ্মুজ আলি আগছুৰ গোলাঘাট জিলা সমিতিৰ শিক্ষা সম্পাদক সুমন ছেত্ৰী, অসম গোর্খা সন্মিলনৰ কেন্দ্ৰীয় সদস্য কাজিৰাম ছেত্ৰীকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।

Also Read: চাংসাৰিত অবৈধ মাৰণাস্ত্র জব্দ