হাস্পতালৰ পৰা পলায়ন ধৰ্ষণ অভিযুক্ত আকাশ চাহাৰ

ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা কয়দীৰ পলায়ন। সোমবাৰে পলায়ন কৰে কয়দীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
হাস্পতালৰ পৰা পলায়ন ধৰ্ষণ অভিযুক্ত আকাশ চাহাৰ

ডিজিটেল ডেস্কঃ ডিফুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পলায়ন কৰিলে ধৰ্ষণৰ অভিযুক্তই। ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা পলায়ন কৰে কয়দীগৰাকীয়ে।

পলায়ন কৰা কয়দীজনৰ নাম আকাশ চাহা বুলি জানিব পৰা গৈছে। ৩০ নৱেম্বৰত DMCHত ভৰ্তি কৰা হৈছিল আকাশ চাহাক। বলাৎকাৰৰ গোচৰত কাৰাবন্দী হৈ আছিল আকাশ চাহা।

চিকিৎসাধীন অৱস্থাতে হাস্পতালৰ পৰা পলায়ন আকাশ চাহাৰ। শৌচালয়ৰ ভেণ্টিলেটৰে দি পলায়ন কৰে কয়দীজন। এতিয়ালৈকে আৰক্ষীয়ে কোনো খবৰ লাভ কৰা নাই কয়দীজনৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

Also Read: ''মোক বিচাৰি নাপালে শ্ৰাদ্ধ কৰিবি নহ'লে মুক্তি নাপাম'' গুৱাহাটীৰ পৰা সন্ধানহীন কাৰ্বি আংলঙৰ মহিলা

Assam police