''মোক বিচাৰি নাপালে শ্ৰাদ্ধ কৰিবি নহ'লে মুক্তি নাপাম'' গুৱাহাটীৰ পৰা সন্ধানহীন কাৰ্বি আংলঙৰ মহিলা

''মোক বিচাৰি নাপালে শ্ৰাদ্ধ কৰিবি নহ'লে মই মুক্তি নাপাম'' গুৱাহাটীৰ পৰা সন্ধানহীন কাৰ্বি আংলঙৰ মহিলা

author-image
Asomiya Pratidin
New Update
''মোক বিচাৰি নাপালে শ্ৰাদ্ধ কৰিবি নহ'লে  মুক্তি নাপাম'' গুৱাহাটীৰ পৰা সন্ধানহীন কাৰ্বি আংলঙৰ মহিলা

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলা আবৌফৰ সহ-সম্পাদিকা সুখুশ্ৰী দৈমাৰী গুৱাহাটীৰ পৰা সন্ধানহীন হৈ আছে । জানিব পৰা মতে হাওৰাঘাট তিনি আলি আঞ্চলিক আবৌফৰো প্ৰাক্তন সভানেত্ৰী আছিল তেওঁ।

Advertisment

কিছুদিন আগতে তেওঁ ডেংগু ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল । গুৱাহাটীলৈ কোনো কামৰ বাবে যোৱাৰ পিছত ঘৰলৈ ঘূৰি অহাৰ সময়ত নিজৰ স্বামীৰ সৈতে কথা বতৰা পাতিছিল। পাছত মোবাইলৰ চাৰ্জ শেষ হোৱা বুলি কয় আৰু তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে তেওঁ।

সন্ধিয়াৰ সময়ত গুৱাহাটীৰ পৰা অহা বাছ এখনত নিজৰ নোটবুক আৰু মোবাইলৰ হেণ্ডচেট ঘৰলৈ গাড়ীৰ হেন্দিমেনৰ হাতত পঠিয়াই দিয়ে । হেন্দিমেনে হাওৰাঘাট তিনি আলি আহি পোৱাৰ সময়ত তেওঁৰ স্বামীক ফোন কৰি মাতি পঠিয়ায় আৰু নোটবুক আৰু মোবাইলৰ হেণ্ডচেটটো দিয়ে । নোটবুকত লিখা আছিল - 'মোক বিচাৰি নাপালে শ্ৰাদ্ধ কৰিবি নহ'লে মই মুক্তি নাপাম ''।

এই খবৰ পোৱাৰ পিছতে তেওঁৰ স্বামীৰ লগতে পৰিয়ালৰ লোক গুৱাহাটীত গৈ আৰক্ষীৰ ওচৰ-চপাৰ লগতে বিচাৰ খোচৰ কৰি আছে । কোনো লোকে সুখুশ্ৰী দৈমাৰীৰ বিষয়ে কিবা গম পালে যিকোনো আৰক্ষী থানা অথবা ৬০০১৬০৩৪২৫ অথবা ৯১০১৯৭৯৭০৭ নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালৰলোকে।

Also Read: ভুৱা উত্তৰ বহীৰে APSC ত উত্তীৰ্ণ! SIT য়ে গ্ৰেপ্তাৰ কৰিলে ADCP সুকন্যা দাসক

Assam police