ৰহৰ দাইল ৪০ টকা, চাউলৰ দাম ১০ টকাকৈ বৃদ্ধি, তালিকাত আছে আৰু বহু সামগ্ৰী...

পুনৰ মূল্যবৃদ্ধি। পেট্ৰ'ল, ডিজেল, ঔষধ আদিৰ দাম বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তেই পুনৰ বৃদ্ধি হৈছে বহু সামগ্ৰীৰ মূল্য।

author-image
Asomiya Pratidin
New Update
ৰহৰ দাইল ৪০ টকা, চাউলৰ দাম ১০ টকাকৈ বৃদ্ধি, তালিকাত আছে আৰু বহু সামগ্ৰী...

ডিজিটেল ডেস্কঃ পুনৰ মূল্যবৃদ্ধি। পেট্ৰ'ল, ডিজেল, ঔষধ আদিৰ দাম বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তেই পুনৰ বৃদ্ধি হৈছে বহু সামগ্ৰীৰ মূল্য। চাউলৰ পৰা আৰম্ভ কৰি দাউল, চেনীলৈ এইবাৰ হৈছে মূল্যবৃদ্ধি।

Advertisment

জনতাৰ মূৰত মাধমাৰ সোধাই এইবাৰ বৃদ্ধি কৰিছে চাউল, দাইল, চেনী আদিৰ মূল্য। শেহতীয়া তথ্য অনুসৰি প্ৰতিকিলো ৰহৰ দাইলৰ দাম বৃদ্ধি পাইছে ৪০ টকাকৈ। সমান্তৰালভাৱে মাটি দাইলৰ দাম প্ৰতিকিলোক ১০ টকা, চাউল প্ৰতিকিলো ১০ টকা, চেনীৰ প্ৰতিকিলো ২ টকা, মিঠাতেলৰ প্ৰতিকিলোত ৫ টকাকৈ দাম বৃদ্ধি হৈছে । এই দাম বৃদ্ধিৰ তালিকাত আৰু কেইবাটাও সামগ্ৰী আছে।

উল্লেখ্য যে, বিগত কেইটামান মাহ ধৰি অধিক হাৰত প্ৰায় প্ৰতিটো বস্তুৰে দাম বাঢ়িছে। শাক-পাচলিৰ দামো পিছ পৰি ৰোৱা নাই। অভাৱনীয় হাৰত হোৱা এই দাম বৃদ্ধিয়ে অতিষ্ঠ কৰিছে জনতা। এতিয়ালৈকে বিলাহী, কেপচিকাম আদিৰ দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই।

কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। বিগত সপ্তাহতে বৃদ্ধি হৈছিল ঔষধৰ মূল্য। মূল্যবৃ্দ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ। এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কেৱল গা এৰা মন্তব্য দি চলাহে দেখা যায়। গতিকে অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হোৱা মূল্য ৰোধ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।

Also Read: টুৰিষ্ট গাইডৰূপে নিজকে গঢ় দিবলৈ আগবাঢ়ি আহিছে যুৱক-যুৱতী

rice