টুৰিষ্ট গাইডৰূপে নিজকে গঢ় দিবলৈ আগবাঢ়ি আহিছে যুৱক-যুৱতী

 টুৰিষ্ট গাইডৰূপে নিজকে গঢ় দিবলৈ আগবাঢ়ি আহিছে যুৱক-যুৱতী

ডিজিটেল সংবাদ, কাজিৰঙাঃ স্বাৱলম্বিতা জীৱনৰ অন্যতম দিক নিৰ্দেশক ৷ চৰকাৰী চাকৰিৰ অবিহনে জীৱনটোক স্বাৱলম্বিতাৰ পথেৰে আগুৱাই নিয়াৰ মানসেৰে কাজিৰঙাত একাংশ উদ্যমী যুৱক যুৱতীৰ জীৱন গঢ়াৰ যুঁজ ৷

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত বৰ্তমান অতি সম্ভাৱনাপূৰ্ণ হিচাপে বিবেচিত টুৰিষ্ট গাইড ৰূপে নিজকে গঢ় দিবলৈ আগবাঢ়ি আহিছে যুৱক যুৱতী সকল ৷ চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত কাজিৰঙাৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যুৱক যুৱতী সকলক ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০গৰাকী শিক্ষিত যুৱক-যুৱতীক ৱাইল্ড লাইফ টুৰিষ্ট গাইডৰ সামান্তৰাল ভাৱে ৰাজ্যৰ লগতে দেশৰ পৰ্যটন ক্ষেত্ৰ সমূহত পৰ্যটকক গাইড কৰিব পৰাকৈ ৭০ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ পৰ্যায়ক্ৰমে অধিক নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ৷

 টুৰিষ্ট গাইডৰূপে নিজকে গঢ় দিবলৈ আগবাঢ়ি আহিছে যুৱক-যুৱতী
ধাৰাসাৰ বৰষুণে জুৰুলা কৰিছে দিল্লীবাসীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in